বিৰল আৱিষ্কাৰ বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ ৫০০ বছৰ ধৰি পানীৰ তলত থকা জীয়াই থকা সেই আশ্চৰ্যকৰ বস্তুবিধ শেহতীয়াভাৱে বিজ্ঞানীৰ চকুত ধৰা পৰিছে৷ প্ৰশান্ত মহাসাগৰৰ ছলোমান দ্বীপৰাষ্ট্ৰৰ মাজত প্ৰায় ৫০০ বছৰ ধৰি জীয়াই আছে এই প্ৰবাল, যি ইমানদিনে বিজ্ঞানীৰ চকুত পৰা নাছিল৷ উল্লেখ্য যে সাগৰ-মহাসাগৰৰ তলিত প্ৰবাল বিভিন্ন প্ৰান্তত পোৱা যায় যদিও শেহতীয়াভাৱে আৱিষ্কাৰ হোৱা এই প্ৰবালবিধ বিশ্বৰ সকলোতকৈ ডাঙৰ প্ৰবাল৷ ইয়াৰ ফলত অষ্ট্ৰেলিয়াৰ প্ৰবাল প্ৰাচীৰ যিমান বিশ্বখ্যাত বুলি জনা গৈছিল, সেই কথাটো যেন নিমিষতে ম্লান পেলাইছে এই নতুনকৈ আৱিষ্কাৰ হোৱা প্ৰবালবিধে৷ কিয়নো ইমান ডাঙৰ প্ৰবাল অষ্ট্ৰেলিয়াত দেখিবলৈ পোৱা নাযায়৷ এইপৰ্যন্ত দেখা বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰবাল এইবিধ৷ জানিবলৈ পোৱা মতে এই প্ৰবালবিধ ৩৪ মিটাৰ বিস্তৃত, ৩২ মিটাৰ দীঘল তথা ৫ মিটাৰ উচ্চতাৰ৷ প্ৰায় ১০০ কোটি পলিপেৰে তৈয়াৰী এই প্ৰবালবিধৰ বয়স ৩০০-৫০০ বছৰ বুলি জানিবলৈ দিছে সমুদ্ৰ বিজ্ঞানীয়ে৷ ইয়াক পোৱা গৈছে ছলোমন দ্বীপপুঞ্জৰ থ্ৰি ছিষ্টাৰ্ছ নামে খ্যাত তিনিটা দ্বীপৰ মাজত৷