শীতকালৰ সময়ছোৱাত প্ৰায়ভাগ পাচলিয়ে যিহেতু উপলব্ধ হয়, সেয়ে ভাতৰ সৈতে আঞ্জাৰ পৰিমাণও বাঢ়ি যায়৷ পাচলিৰ লগতে চালাড, চাটনি, পিটিকা, আচাৰ আদিৰো সোৱাদ লোৱা হয় শীতকালছোৱাতহে৷ এইবোৰৰ সমান্তৰালভাৱে নিমখ খোৱাৰ পৰিমাণো বাঢ়ি যায়৷ সেয়ে এনে সময়ত আমি নিমখ খাওঁতে সাৱধান হোৱা উচিত৷ অত্যধিক নিমখ সেৱন কৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক৷ তাতোকৈও কেঁচা নিমখ খোৱা অভ্যাস অতি হানিকাৰক৷ গৰমকালিৰ নিচিনা শীতকালত আমাৰ শৰীৰৰ পৰা ঘাম বাহিৰ নহয়৷ ঘামৰ লগত শৰীৰৰ অতিৰিক্ত লৱণ বাহিৰ ওলাই আহে৷ বাহিৰ নহ’লে এইবোৰ শৰীৰত জমা হয়৷ তাৰ ফলত ৰক্তচাপ বৃদ্ধি হোৱা দেখা যায়৷ যিসকলৰ ইতিমধ্যে হাৰ্টৰ সমস্যা আছে, সেইসকল লোকৰ ক্ষতি হ’ব পাৰে৷ আনহাতে হাৰ্ট এটেকৰ সম্ভাৱনা ১০০ % বৃদ্ধি পায়৷ সাধাৰণতে শীতকালৰ ফাষ্টফুড, বিস্কুট, স্নেক্ছ আদিৰ খোৱা মাত্ৰা বাঢ়ে বাবে নিমখ খোৱাটোও বাঢ়ি যায়৷ সেয়ে শীতকালত এইধৰণৰ খাদ্য খোৱাৰ পৰিমাণ কমাই দিব লাগে৷ বিশেষকৈ যিসকলৰ উচ্ছ ৰক্তচাপ আছে, তেওঁলোকে নিমখ খোৱাটো একেবাৰে কমাই দিব লাগে৷ নিমখ তেওঁলোকৰ কাৰণে এবিধ বিহলৈ পৰ্যবসিত হয়৷ বেছি নিমখ মিহলি খাদ্য খালে পেটৰ সমস্যা হ’ব পাৰে৷ আনকি অত্যধিক নিমখ সেৱনৰ ফলত পাকস্থলীৰ কেঞ্চাৰ পৰ্যন্তও হোৱা দেখা যায়৷ সেয়ে লাহে লাহে ৰন্ধন প্ৰকৰণত নিমখৰ ব্যৱহাৰ কমাই দিয়াৰ অভ্যাস কৰিব লাগে, যি অভ্যাসে আমাৰ জীৱন দীৰ্ঘজীৱী কৰিব পাৰে৷