অধ্যয়ন : টাটুৱে বৃদ্ধি কৰে তেজৰ কৰ্কট ৰোগ

0
3

আজিকালি শৰীৰৰ ৰূপ-সৌন্দৰ্য তথা ৰূপসজ্জাৰ কাৰণে বহুতেই টাটু কৰিবলৈ লয়৷ টাটু কৰাটো বৰ্তমান সময়ত এক ষ্টেটাছ ছিম্বলৰ লেখীয়া হৈছে৷ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এই পৰম্পৰা অধিক জনপ্ৰিয় হৈ উঠিছে৷ এক ফেশ্বনত পৰিণত হৈছে টাটু কৰাটো৷ শৰীৰৰ বাহু, পিঠি, হাত যিকোনো অংশ অথবা কিছু গোটেই শৰীৰটোতে টাটু কৰে৷ কিছুৱে অৱশ্যে বিশ্বাস কৰে যে টাটু কৰিলে জীৱনত সফলতা আহে৷ কিন্তু ইয়াৰ কোনো ভিত্তি নাই৷ যিয়েই নহওক কিয় টাটু বৰ্তমান সময়ত বেছ জনপ্ৰিয়তা লাভ কৰিছে৷ ইয়াৰ মাজতে এক দুসংবাদে অৱশ্যে ভাবিবলৈ বাধ্য কৰিছে যে টাটু কৰাটো শৰীৰৰ বাবে অপকাৰী৷ টাটু কৰাৰ ফলত হ’ব পাৰে শৰীৰৰ মাৰাত্মক ক্ষতি৷ টাটু কৰি ভালপোৱাসকল সাৱধান হওক৷ ছুইডেনত কৰা এটা গৱেষণাত এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে টাটু কৰাৰ ফলত তেজৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়৷ উক্ত গৱেষণাত উল্লেখ কৰা হৈছে যে টাটু কৰা লোকৰ লিম্ফোমাৰ সম্ভাৱনা ২১ শতাংশ বৃদ্ধি বেছি থাকে৷ গৱেষণাৰ তথ্যৰ পৰা গৱেষকে জানিবলৈ দিয়া মতে টাটুত ব্যৱহাৰ কৰা চিয়াঁহীত থকা ৰাসায়নিক পদাৰ্থই লিম্ফোমাৰ সম্ভাৱনা বৃদ্ধি কৰে৷ সেয়ে এতিয়াৰ পৰা টাটুৰ প্ৰতি আকৰ্ষিতসকল সাৱধান হওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here