হঠাৎ হাত পুৰিলে তৎক্ষণাৎ কি ব্যৱস্থা ল’ব

0
114

মাছ ভাজি থাকোঁতে হঠাৎ গৰম তেল ছিটিকি পৰা নাইবা চাহ চেকি থাকোঁতে চাহ হাতত পৰা অথবা গৰম পানী, গৰম দাইল পৰি হাত পোৰাৰ দৰে ঘটনা প্ৰায় বহুতৰে ঘৰত হৈয়ে থাকে৷ এনেদৰে হাত বা শৰীৰৰ অন্য অংশ পুৰিলে বিশেষ চিন্তা কৰিবলগীয়া নাই যদিও কেতিয়াবা ই ডাঙৰ বিপদ নঘটোৱাও নহয়৷ এতিয়া কথা হ’ল এনেদৰে হাত পুৰিলে লগে লগে কি কৰিব?
গৰম চাহ বা ভাতৰ ফেন আদি পৰি হাত পুৰিলে বৰফ লগাব লাগে৷ কিন্তু বৰফ লগোৱাৰ আগতে হাতখন প্ৰথমে কিছু সময় ঠাণ্ডা পানীত ভিজাই ৰাখি এখন কাপোৰত কেইটুকুৰামান বৰফ বান্ধি ১৫ মিনিটমান ক্ষতস্থানত লগালে জ্বলন কমে৷
জ্বলন কমোৱাত এলোভেৰা উত্তম৷ সতেজ এলোভেৰা জেলেৰে ক্ষতস্থানত ৩০ মিনিটমান মালিচ কৰিলে আৰাম পোৱা যায়৷
এলোভেৰাৰ লগত নাৰিকল তেল মিশ্ৰণ কৰি কেইদিনমান লগালে জ্বলন কম হোৱাৰ লগতে জুয়ে পোৰা দাগবোৰো নাইকিয়া হয়৷
কেইটামান টী বেগ বৰফযুক্ত ঠাণ্ডা পানীত কিছু সময় তিয়াই ৰাখি সেই পানী ক্ষতস্থানত লগালে আৰাম পোৱা যায়৷
এনেদৰে প্ৰাথমিক চিকিৎসা কৰি উঠাৰ পাছতো যদি সুফল পোৱা নায়ায়, তেন্তে ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here