ইউৰেনাছক লৈ দীৰ্ঘদিন ধৰি বিজ্ঞানীৰ ধাৰণা আছিল ভিন্ন৷ ইয়াৰ জীৱন ধাৰণ কৰাৰ দৰে সম্ভাৱনাও আছে বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ এই গ্ৰহটোৰ বিষয়ে বেছিভাগ তথ্য সংগ্ৰহ কৰিছে নাছাৰ ভয়জাৰ-২ মহাকাশযানে, যি গ্ৰহটোৰ কাষলৈ গৈছে প্ৰায় ৪০ বছৰ আগতে৷ নতুন বিশ্লেষণৰ পৰা দেখা গৈছে যে ভয়জাৰৰ ভ্ৰমণৰ সময়ত মহাকাশযানখন শক্তিশালী এক সৌৰ বিস্ফোৰণৰ সন্মখীন হৈছিল, যাৰ ফলত ইউৰেনাছ গ্ৰহটোৰ অৱস্থাক লৈ বিভ্ৰান্তিকৰ ধাৰণা হৈছিল৷ সৌৰজগতৰ বাহিৰত অৱস্থিত এক অপৰূপ, বৰফে আবৃত জগত ইউৰেনাছ, যি সৌৰজগতৰ সকলোতকৈ ঠাণ্ডা হিচাপে বিবেচিত৷ গ্ৰহটো দেখিলে এনে লাগে যেন যিকোনো মুহূৰ্তত সলনি পৰিব পাৰে৷ যাৰ কাৰণে দেখাত আৰু অদ্ভুত লাগে৷ গ্ৰহটোৰ প্ৰথম সন্ধান মিলিছিল ১৯৮৪ চনত, যিখন ভয়জাৰ-২ ইউৰেনাছৰ বেছ কিছু ৰোমাঞ্চকৰ ছবি পৃথিৱীলৈ পঠিয়াইছিল৷ এই গ্ৰহটো বিভিন্ন ক্ষেত্ৰত নিষ্ক্ৰিয় অৱস্থাত আছিল, যি সৌৰজগতৰ বাহিৰৰ অংশত থকা অন্য কোনো গ্ৰহতে দেখা নাযায়৷ ইউৰেনাছৰ চৌম্বক ক্ষেত্ৰ আচলতে বিকৃত অৱস্থাত আছিল৷ এই গ্ৰহটোৰ চৌম্বকক্ষেত্ৰ বিভিন্ন গেছ তথা ইউৰেনাছ আৰু ইয়াৰ উপগ্ৰহবোৰৰ পৰা নিৰ্গত উপাদানবোৰ নিজৰ জালত আবদ্ধ থাকে৷ এইটো সম্ভৱতঃ সমুদ্ৰ বা গ্ৰহৰ ভূতাত্ত্বিক গতিবিধিৰ কাৰণে ঘটি থাকে বুলি প্ৰতিবেদনত কোৱা হৈছে৷ নতুন বিশ্লেষণত দেখা গৈছে যে ভয়জাৰ-২ ইউৰেনাছ অতিক্ৰম কৰাৰ সময়ত সূৰ্য খুব প্ৰখৰ আছিল৷ ফলত এক শক্তিশালী সৌৰশিখা প্ৰস্তুত হয়, যি সম্ভৱতঃ গ্ৰহটোৰ বিভিন্ন উপাদানক গ্ৰাস কৰাৰ উপৰি ইয়াৰ চৌম্বক ক্ষেত্ৰক কিছু সময়ৰ কাৰণে বিকৃত কৰি পেলায়৷ উল্লেখ্য যে নাছাৰ মহাকাশযানে ইউৰেনাছলৈ যাব ২০৪৫ চনত৷ বিজ্ঞানীয়ে আশা কৰিছে তেতিয়া এই গ্ৰহটোৰ বৰফাবৃত আৱৰণ লৈ আৰু অধিক তথ্য পোৱা যাব৷ এইবোৰ এটা সময়ত মৃত জগত হিচাপে বিবেচিত হ’লেও ইয়াত জীৱন ধাৰণৰ সম্ভাৱনাও আছে বুলি উল্লেখ কৰিছে প্ৰতিবেদনত৷