ছুগাৰ, কলেষ্টৰেল নিৰ্মূল কৰিবলৈ এইবিধ পাত খাওক

0
22

আজিকালি প্ৰায় লোককে ছুগাৰ, কলেষ্টৰেলৰ সমস্যাত ভোগা দেখা যায়৷ অৱশ্যে ইয়াৰ বিভিন্ন কাৰণো আছে৷ খাদ্যাভ্যাসৰ অসন্তুলন, জীৱনশৈলীৰ পৰিৱৰ্তন, আৰামপ্ৰিয় জীৱন, শৰীৰচৰ্চাৰ অভাৱ আদি বিভিন্ন কাৰণত এইধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে৷ ছুগাৰ তথা কলেষ্টৰেলৰ সমস্যা নোহোৱা কৰিবলৈ ঘৰুৱাভাৱে বিভিন্ন ব্যৱস্থা লোৱা হয়৷ ইয়াৰ ভিতৰত এইবোৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ এইবিধ সেউজীয়া পাত খাব পাৰে৷ বহু স্বাস্থ্য সমস্যাৰ পৰা মুুক্তি দিয়াৰ কাৰণে প্ৰাচীন কালৰে পৰা আয়ুৰ্বেদত এই পাতবিধ অৰ্থাৎ পাণ ব্যৱহাৰ হৈ আহিছে৷ পাণে গেছৰ সমস্যা, পেটৰ জ্বলা-পোৰা কৰা তথা বদহজমৰ দৰে সমস্যা সহজে সমাধান কৰিব পাৰে৷ নিয়মিতভাৱে পাণ খালে হজমৰ উন্নতি হয়, যিয়ে পেটৰ আন সমস্যাৰ পৰাও মুক্তি দিয়ে৷ পাণৰ পাতত ডায়েবেটিছ বিৰোধী বৈশিষ্ট্য আছে, যিয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰা ভাৰসাম্য ৰখাত সহায় কৰে৷ সেয়ে পাণ নিয়মিতভাৱে খালে ডায়েবেটিছ ৰোগীয়ে উপকাৰ পাব পাৰে৷ ইয়াৰ উপৰি কলেষ্টৰেলৰ মাত্ৰা কমাবলৈ অথবা নিয়ন্ত্ৰণ ৰাখিবলৈ পাণ খাব পাৰে৷ পাণ সেৱনৰ ফলত হাৰ্টৰ স্বাস্থ্যৰ উন্নতি হয় তথা ইয়াৰ ফলত হূদৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে৷ ইয়াৰ উপৰি পাণক এক চমৎকাৰ মাউথ ফ্ৰেচনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ এই পাতত থকা এণ্টি বেক্টেৰিয়াল বৈশিষ্ট্যই মুখৰ ভিতৰত থকা বেক্টেৰিয়া বৃদ্ধি ৰোধ কৰে তথা দাঁতৰ সুৰক্ষা কৰিব পাৰে৷ অৱশ্যে পৰ্যাপ্ত মাত্ৰাতহে পাণ খোৱা উচিত৷ ইয়াৰ অন্যথা স্বাস্থ্যৰ অপকাৰো হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here