শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে কেনেকৈ জানিব ?

0
28

সুস্থভাৱে বাচি থাকিবলৈ শৰীৰত ভিটামিন-ডিৰ প্ৰয়োজন অনস্বীকাৰ্য৷ আমি জানো যে সূৰ্যৰ পোহৰৰ পৰা প্ৰচুৰ পৰিমাণে ভিটামিন-ডি পোৱা যায়৷ সেয়েহে সূৰ্যক ভিটামিন-ডিৰ মূল উৎস বুলি কোৱা হয়৷ বেছিভাগে আমাৰ শৰীৰত ভিটামিন আৰু খনিজৰ গুৰুত্ব কিমান তাক বুজি নাপায়৷ কিন্তু শৰীৰত যদি ভিটামিন বা খনিজৰ অতিৰিক্ত পৰিমাণ কমে, শৰীৰে সেইটোৰ ইংগিত দিয়ে আৰু দেহত হঠাতে পৰিৱৰ্তন হয় বা বেথা-যন্ত্ৰণা হ’বলৈ আৰম্ভ কৰে৷
মূলতঃ হাড় ভালে ৰখা, মানসিক অস্থিৰতা কম কৰিবলৈ আৰু সামগ্ৰিকভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ ভিটামিন-ডিৰ ভূমিকা অপৰিসীম৷
পৰ্যাপ্ত মাত্ৰাত ভিটামিন-ডি থাকিলে শৰীৰে কেলচিয়াম আৰু ফচফৰাছজাতীয় উপাদান গ্ৰহণ কৰাত সুবিধা হয়৷ ই হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে৷
মানসিক চাপ, উদ্বেগ, মেজাজ আদি কমোৱাত ভিটামিন-ডি-এ যথেষ্ট কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
ভিটামিন-ডিৰ উপকাৰিতা বহুত আছে, সেয়ে ভিটামিন-ডি শৰীৰত কমি গ’লে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে৷ বিশেষকৈ শীতকালত৷ কিয়নো অত্যন্ত শীতত কুঁৱলীৰ আচ্ছাদনৰ বাবে সূৰ্যৰ পৰা ৰ’দ নোপোৱাৰ ফলত পৰ্যাপ্ত পৰিমাণে ভিটামিন-ডি পোৱাত বাধাগ্ৰস্ত হয়৷
যিসকলে ভিটামিন-ডিৰ অভাৱত ভোগে, তেওঁলোকৰ ক্ষেত্ৰত ক্লান্তি, ভাগৰ, শৰীৰৰ দুৰ্বলতা আদি অনুভৱ হয়৷
প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ভিটামিন-ডিৰ অভাৱ হ’লে হাড়ৰ সমস্যা বা অষ্টিঅ’মাৱাছিয়া আদিয়ে দেখা দিব পাৰে৷
আপুনি তেজ পৰীক্ষাৰ জৰিয়তে শৰীৰত ভিটামিন-ডিৰ অভাৱ নিৰ্ণয় কৰিব পাৰে৷ সাধাৰণতে দুই ধৰণৰ পৰীক্ষাৰ দ্বাৰা ভিটামিন-ডি নিৰ্ণয় কৰিব পাৰি৷ সকলোতকৈ সাধাৰণ পৰীক্ষা হিচাপে ২৫-হাইড্ৰ’ক্সিভিটামিন-ডি, যাক সংক্ষেপে [২৫ অ’এইচ] ডি বুলি কোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here