ছায়েন্স পত্ৰিকাত প্ৰকাশিত গৱেষণাপত্ৰ অনুযায়ী চন্দ্ৰৰ মাটিত ঘূৰি ফুৰিছে জল ভালুক৷ গৱেষণাপত্ৰত উল্লেখ কৰা মতে হাজাৰ হাজাৰ টাৰডিগ্ৰেড জিন চিহ্নিত কৰা হৈছে আৰু সেইবোৰে তেজস্ক্ৰিয় বিকিৰণৰ সংস্পৰ্শত সক্ৰিয় হৈ উঠে৷ এই প্ৰাণীবিধৰ পোছাকি নাম টাৰডিগ্ৰেড৷ কিন্তু এক মিলিমিটাৰকো কম দৈৰ্ঘ্যৰ অক্টোপাছ সদৃশ প্ৰাণীবোৰ ৱাটাৰ বেয়াৰ বা জল ভালুক নামেহে বেছ পৰিচিত৷ জানিব পৰা গৈছে যে যিমান দিন সূৰ্য থাকিব, সিমানদিনে এই ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰাণীবোৰো বাচি থাকিব৷ পৃথিৱীত টাৰডিগ্ৰেডৰ প্ৰায় ১৫০০ পৰিচিত প্ৰজাতি আছে৷ ইয়াৰ মাজৰে টাৰডিগ্ৰেডৰ নতুন প্ৰজাতিৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে৷ আমি জানো যে তেজস্ক্ৰিয় বিকিৰণ মানুহৰ বাবে প্ৰাণঘাতী, কিন্তু প্ৰায় এহেজাৰ গুণতকৈও বেছি বিকিৰণ সহ্য কৰিব পৰা ক্ষমতা আছে এই অদ্ভুত প্ৰাণী জল ভালুকৰ৷ বিজ্ঞানীয়ে তথ্য লাভ কৰা নতুন এই প্ৰজাতিৰ টাৰডিগ্ৰেডৰ জিনম চিকোৱেন্স কৰি কিছু তথ্য প্ৰকাশ কৰিছে৷ গৱেষণাৰ পৰা জনা গৈছে যে টাৰডিগ্ৰেডৰ জিন ইমান অত্যাধুনিক যে ইয়াত এটা শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা আছে৷ বিকিৰণ ঘটি এনে ক্ষতিৰ পৰা ডিএনএক ৰক্ষা কৰে সেই প্ৰতিৰক্ষা ব্যৱস্থাই৷ গৱেষকে আশা কৰিছে যে টাৰডিগ্ৰেডৰ এই প্ৰজাতিক লৈ গৱেষণা কৰিছে মহাকাশ অভিযানৰ সময়ত মহাকাশচাৰীয়ে তেজস্ক্ৰিয় বিকিৰণৰ পৰা সুৰক্ষা পাব পাৰে৷ ইয়াৰ লগতে পাৰমাণৱিক প্ৰদূষণ ৰোধ তথা কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ হৈ উঠিব এই প্ৰাণীবিধ৷