বিভিন্ন সময়ত বেয়া পৰিস্থিতিৰ কাৰণে আমাৰ উদ্বেগ-উদ্বিগ্নতা তথা মানসিক চাপ বৃদ্ধি পায়৷ যিকোনো সমস্যা তথা অন্তদ্বৰ্ন্দ্বৰ বাবে মন-মেজাজ বেয়া হৈ থাকে যদিও কেতিয়াবা এনেয়েও মন ভালে নাথাকে৷ মন-মগজু ভালে তথা সুস্থ ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে৷ ইয়াৰ অন্যথা সকলো দৈনন্দিন কামতে ব্যাঘাত জন্মে৷ কামত ভালদৰে মন নবহে, মনলৈ অলসতা আহে, চিন্তাৰ সাগৰত ডুব যোৱাৰ বাবে কাম কৰিলেও পাৰফেক্ট কাম নহয়৷ গতিকে শৰীৰ তথা মনৰ উন্নতিৰ বাবে বা মনটো সকলো সময়তে প্ৰফুল্লিত কৰি ৰাখিবলৈ নিয়মিতভাৱে যোগাসন কৰাৰ অভ্যাস কৰিব লাগে৷ যোগাসানে আমাৰ মস্তিষ্ক আৰু মন উভয়ৰে সুস্বাস্থ্য ভালে ৰাখে৷ মনটো বিচলিত হ’বলৈ নিদি স্ফূৰ্তিত ৰাখিব পাৰে একমাত্ৰ যোগব্যায়ামৰ অভ্যাসে৷ মগজুক শান্ত তথা ইয়াৰ কাৰ্যক্ষমতা অটুট ৰাখিবলৈ উত্তানাসন কৰাৰ অভ্যাস কৰক৷ মগজুৰ স্বাস্থ্যৰ লগতে উত্তানাসনে শৰীৰক প্ৰসাৰিত কৰা তথা মানসিক চাপ কমাই ৰখাত সহায় কৰে৷ নিয়মিতভাৱে উত্তানাসন কৰাৰ অভ্যাস কৰিলে মস্তিষ্কৰ ৰক্ত সঞ্চালন বাঢ়ে আৰু অক্সিজেনৰ অভাৱ দূৰ হয়৷ যাৰ বাবে মেজাজ অবিলম্বে উন্নত হয় আৰু মনটো সদায় স্ফূৰ্তিত থাকে৷
কিদৰে কৰিব উত্তানাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিত আপুনি থিয় হৈ লওক৷ এতিয়া লাহে লাহে শৰীৰটোৰ ওপৰৰ অংশ আগলৈ হলাই লৈ মূৰটো আঁঠুৰ তলত লগোৱাৰ চেষ্টা কৰক৷ এই সময়ত ভৰি দুখন একেবাৰে পোন কৰি ৰাখিব আৰু হাত দুখনেৰে ভৰিৰ গোৰোহাত হেঁচি ধৰি শৰীৰৰ বেলেঞ্চ ৰাখক৷ এইদৰে কিছুসময় থাকি পাছত লাহে লাহে মানুহজন থিয় হৈ আগৰ অৱস্থাপ্ৰাপ্ত