ৰঙা গ্ৰহ’ত বসতি কৰিলে মানুহৰ কি হ’ব : জনালে বিজ্ঞানীয়ে

0
40

পৃথিৱীৰ মাটি এৰি মানুহে বসতি স্থাপনৰ পৰিকল্পনাত ব্যস্ত হৈছে চন্দ্ৰ তথা মঙল গ্ৰহত৷ বিজ্ঞানীৰ দাবী এক-ডেৰ বছৰৰ মাজত মঙল বা চন্দ্ৰত উপনিৱেশ পতাৰ এনেকুৱা ধাৰণা এটাৰ উদ্ভৱ হৈছে৷ মঙলত উপনিৱেশ স্থাপনৰ উদ্দেশ্যে পৃথিৱীৰ একাধিক দেশৰ মহাকাশ গৱেষণা সংস্থাই নিৰলস প্ৰচেষ্টা চলাই আছে৷ ২০৩০ চনৰ মাজভাগত মঙল গ্ৰহলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰিছে মহাকাশ¸ গৱেষণা সংস্থা নাছাই৷ সেয়ে মঙল গ্ৰহত বসতি স্থাপনৰ আগেয়ে এক সাৱধানবাণী শুনাইছে জীৱবিজ্ঞানীয়ে৷ মঙলৰ বুকুত মানুহৰ স্থায়ী বসবাসক লৈ সতৰ্ক বাৰ্তা দিছে জীৱবিজ্ঞানীয়ে৷ আমেৰিকাৰ টেক্সাছৰ ৰাইছ ইউনিভাৰছিটিৰ জীৱবিজ্ঞানী স্কট ছলমানে সম্প্ৰতি এক গৱেষণাৰ জৰিয়তে জানিবলৈ দিছে যে মঙল গ্ৰহত মানৱ জাতিৰ বসতি গঢ়ি উঠিলে বিৱৰ্তন হ’ব মানুহৰ৷ মঙলত মানুহ থাকিবলৈ ল’লে বগা বৰ্ণ বা ৰং ধাৰণ কৰিব পাৰে, কমিব যাব চকুৰ দৃষ্টিশক্তি৷ এনে আশংকাৰ কথাই ব্যক্ত কৰিছে বিজ্ঞানীয়ে৷ ছলমানৰ দাবী, মঙল গ্ৰহত মানুহ থাকিলে পাছৰ প্ৰজন্মৰ শিশুসকলৰ মাজত উল্লেখযোগ্য বিৱৰ্তন আৰু অভিযোজন লক্ষ্য কৰা যাব পাৰে৷ যি কাৰণে সলনি হ’ল গাৰ বৰণ৷ ইয়াৰ লগতে অন্ধত্বৰো স্বীকাৰ হ’ব পাৰে৷ আনহাতে মঙলৰ আৱহাৱা প্ৰতিকূল হোৱাৰ বাবে মানুহ জীয়া থকাটোও কঠিন হৈ পৰিব৷ মঙল গ্ৰহত মানৱ বসতি স্থাপন হোৱাৰ পাছত পাছত যিবোৰ শিশুৰ জন্ম হ’ব তেওঁলোকৰ পৰৱৰ্তী সময়ত বিভিন্ন জটিল পৰিব্যক্তি বা মিউটেশ্যন, বিৱৰ্তন আৰু পৱিৰ্তনৰ দিশে গতি কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here