মাইগ্ৰেনৰ পৰা মুক্তি পাবলৈ পদ্মাসন কৰক

0
22

বৰ্তমান সময়ত প্ৰায়ভাগ পুৰুষ তথা মহিলা মাইগ্ৰেনৰ সমস্যা ভুগিছে৷ বছৰ বছৰ ধৰি ঔষধ সেৱন কৰি তথা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিও কোনো সুফল পোৱা নাই৷ মাইগ্ৰেনৰ যন্ত্ৰণা অব্যাহত আছেই৷ তেনে অৱস্থাত মাইগ্ৰেনক চিৰকাল বিদায় দিবলৈ যোগাসন কৰিব পাৰে৷ মাইগ্ৰেনৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে পদ্মাসন কৰিলে যথেষ্ট সুফল লাভ কৰিব৷ দিনটোৰ ভিতৰত আধা ঘণ্টা সময় উলিয়াই পদ্মাসন কৰিলে মানসিক চাপ, দুশ্চিন্তা, মূৰৰ বিষ, মনৰ উদ্বেগ আদি নিৰাময় হোৱাৰ লগতে মানসিক স্থিতি দৃঢ় আৰু মানসিক শক্তি বৃদ্ধি পায়৷ এই আসনে মনোযোগ বৃদ্ধি কৰাৰ লগতে মন প্ৰফুল্লিত ৰখাত সহায় কৰে৷
কিদৰে কৰিব পদ্মাসন ঃ- এই আসন কৰিবলৈ একেবাৰে সহজ যদিও ইয়াৰ পৰা পোৱা উপকাৰ সুদূৰপ্ৰসাৰী৷ এই আসন কৰিবলৈ অলপ মুকলি ঠাই য’ত বতাহ চলাচল কৰি বা পৰিৱশটো শান্ত প্ৰকৃতিৰ হয়৷ প্ৰথমে আপুনি মাটিত মেট এখনৰ ওপৰত পোন হৈ বহি লওক৷ এতিয়া যিকোনো এখন ভৰিৰ ওপৰত ওখন উঠাই দিয়ক৷ হাত দুখন ধ্যানৰ ভাবত ৰাখক৷ চকু দুটা মুদি মুখেৰে ঔম ধবনি উচ্চাৰণ কৰি দীঘল দীঘলকৈ শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰিব৷ এইদৰে দহ মিনিটমান সময় কৰি থাকক৷ পাছত লাহেকৈ চকু খেলি ভৰি দুখনৰ বান্ধ খুলি দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here