ডায়মণ্ড ধূলিকণাৰে পৰিৱেশ শীতল কৰাৰ গৱেষণা

0
22

জলবায়ুৰ সংকট দিনক দিনে গভীৰৰৰ পৰা গভীৰতৰ হৈ গৈছে৷ এনে অৱস্থাত বিজ্ঞানীয়ে পৃথিৱীক ঠাণ্ডা কৰাৰ বিভিন্ন কৌশল অৱলম্বনৰ বাবে গৱেষণা অব্যাহত ৰাখিছে৷ এক নতুন গৱেষণাৰ পৰা এনে প্ৰস্তাৱ আগবঢ়োৱা হৈছে যে পৃথিৱীৰ উপৰিভাগৰ বায়ুমণ্ডলত প্ৰতিবছৰে লক্ষ লক্ষ টন ডায়মণ্ড ধূলিকণা ছটিয়ালে এই গ্ৰহত তাপমাত্ৰা কমাবলৈ সম্ভৱপৰ হ’ব পাৰে৷ পৃথিৱীৰ তাপমাত্ৰা নিয়ন্ত্ৰণ বিষয়ক এই গৱেষণাটো জিঅ’ফিজিকেল ৰিছাৰ্চ লেটাৰ্ছ জাৰ্নালত প্ৰকাশিত হৈছে৷ এই গৱেষণাৰ দলটো আছিল জলবায়ু বিশেষজ্ঞ, প্ৰকৃতিবিদ তথা ভূবিজ্ঞানীৰে সমন্বয়েৰে গঠিত এটা দল৷ গৱেষণাৰ ফলাফলত থ্ৰি ডি জলবায়ু মডেল ব্যৱহাৰ কৰি দেখা পাইছিল কোনো ধৰণৰ বায়ুকণাই সকলোতকৈ ভালদৰে পৃথিৱীক ঠাণ্ডা কৰি ৰখাত সহায় কৰিব পাৰে৷ পূৰ্বৱৰ্তী গৱেষণাবোৰত কোৱা হৈছিল যে পৃথিৱী খুব শীঘ্ৰেই এক বিপজ্জনক পৰ্যায়ত উপনীত হ’ব পাৰে, য’ত জলবায়ু পৰিৱৰ্তনৰ গতিবিধিলৈ সাংঘাতিকধৰণে পৰিৱৰ্তন আনিব পাৰে৷ আনহাতে বিজ্ঞানীয়ে মন কৰিছে যে পৃথিৱীৰ ঠাণ্ডা কৰিবলৈ চেষ্টা কৰাৰ আন কোনো বিকল্প নাই৷ ইয়াৰ মাজতে কিছুমানে প্ৰস্তাৱো আগবঢ়াইছে যে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ কৰি দি তাক সংৰক্ষণ কৰা৷ কিন্তু এই ক্ষেত্ৰত বিজ্ঞানীয়ে এইবুলি সতৰ্ক কৰি দিছে যে যদি পৃথিৱী ইতিমধ্যে সেই বিপজ্জনক পৰ্যায়লৈ যায়, তেনেহ’লে কেৱল বতাহৰ পৰা কাৰ্বন এৰি দিলেই সমস্যাৰ সমাধান নহ’ব৷ বৰং পৃথিৱীক সক্ৰিয়ভাৱে ঠাণ্ডা কৰিব লাগিব৷ শেষত এই প্ৰস্তাৱ আহিছে যে বায়ুমণ্ডলত বিশেষধৰণৰ বায়ুকণা এৰি দিয়া হ’ব, যি সূৰ্যৰ তাপ প্ৰতিফলিত কৰি মহাকাশলৈ পঠিয়াব৷ ইয়াত এনে উপাদান আছে, যি পৰিৱেশক শীতল ৰখাৰ বাবে সকলোতকৈ বেছি কাৰ্যকৰী হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here