শৰীৰৰ এণ্টিঅক্সিডেণ্ট তথা এণ্টিভাইৰেল কাৰ্যকলাপ বঢ়াব পাৰে জাফৰান বা কেশৰ দিয়া চাহকাপে৷ ৰূপচৰ্চাই হওক অথবা খাদ্যতে হওক কেশৰৰ ব্যৱহাৰ অৱশ্যম্ভাৱী৷ বহুতেই প্ৰথমে কেশৰ খাবলৈ পচন্দ নকৰে যদিও এই ক্ষেত্ৰত কেশৰৰ ঘ্ৰাণ তথা সুগন্ধি নাকত সোমালে ক’ব নোৱৰাকৈয়ে আদৰি লয়৷ আনহাতে কেশৰ মিহলোৱা ৰঙা চাহকাপৰ গুণাগুণ জানিলে আপুনিও আচৰিত হৈ উঠিব৷ কেশৰত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে শৰীৰক কেঞ্চাৰৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে৷ ইয়াৰ লগতে এই এণ্টিঅক্সিডেণ্টে সুস্থ কোষৰ ক্ষতি প্ৰতিৰোধ কৰে৷ আনহাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত এই চাহকাপে সহায় কৰে৷ ইয়াৰ উপৰি কেশৰ মিহলি চাহত ফাইটোনিউট্ৰিয়েণ্ট, ফেনল তথা আইচোফ্লাভোন বিভিন্ন অনুপাতত থাকে বাবে পুৰুষ তথা নাৰী যৌন হৰমনবোৰ উদ্দীপিত কৰিব পাৰে৷ যৌন ক্ষমতা তথা সক্ষমতা বৃদ্ধিত এই চাহে যথেষ্ট সহায় কৰে৷ যৌন সমস্যাত আক্ৰান্ত লোকে এই চাহ খালে সুফল পোৱা যায়৷