হজমৰ সমস্যাৰ পৰা মুক্তি পাবলৈ শব উদৰাকৰ্ষণাসন কৰক

0
20

শৰীৰ সুস্বাস্থ্য তথা সকলো সময়তে ফিট কৰি ৰাখিবলৈ নিয়মিতভাৱে যোগাসনৰ অভ্যাস গঢ় দিয়ক৷ শৰীৰ আৰু মনৰ স্বাস্থ্য উন্নত কৰিবলৈ যোগাসনৰ বিকল্প একো হ’ব নোৱাৰে৷ আনহাতে শাৰীৰিক যিকোনো সমস্যা যেনে, হজম সমস্যা, বিষ বেদনা, পেটৰ সমস্যা, মেদবহুলতা, প্ৰেছাৰ, ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা আদি সকলো সমস্যাৰে আশু সমাধান দিব পাৰে কেৱল যোগাসনে৷ আপোনাৰ যদি হজমৰ সমস্যা, কোষ্ঠকাঠিন্য আদিৰ সমস্যা আছে, তেন্তে নিয়মিতভাৱে শব উদৰাকৰ্ষণাসন আসন কৰিব পাৰে৷ হজমৰ সমস্যাৰ পৰা মুক্তিলাভৰ অন্যতম উপায় হ’ল এই শব উদৰাকৰ্ষণাসন আসন৷ শব উদৰাকৰ্ষণাসনৰ অভ্যাস কৰিলে হজমশক্তি উন্নত হোৱাৰ লগতে মেৰুদণ্ডৰ জড়তা নোহোৱা কৰাত সহায় কৰে৷ সঠিকভাৱে খাদ্য হজম নোহোৱাৰ ফলত শৰীৰত জমা হোৱা অপ্ৰয়োজনীয় বৰ্জ্য নিষ্কাশন কৰাত এই আসনে বিশেষভাৱে সহায় কৰে৷ এই আসন কৰিলে পেট আৰু পিঠি প্ৰায় সকলো প্ৰয়োজনীয় অংগবোৰ টান অনুভূত হয়৷ আপুনি যদি গোটেই দিনটো বহি থাকিলেই কাম কৰিবলগীয়া হয়, তেন্তে এই আসন কৰাৰ অভ্যাস কৰিলে শৰীৰৰ জড়তা ভাঙে৷ অৰ্থাৎ শৰীৰৰ জড়তা দূৰ কৰাৰ এই আসন উত্তম৷
কিদৰে কৰিব শব উদৰাকৰ্ষণাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মাটিত মেট পাৰি দীঘলকৈ শুই লওক৷ এতিয়া যিকোনো এখন ভৰি কোঁচাই আনি পেটত লগাকৈ কৰক৷ ইয়াৰ সমান্তৰালকৈ এখন হাতেৰে আঁঠুটোত ধৰি থাকক আৰু আনখন হাত বিপৰীতভাৱে সমানকৈ মেলি দিয়ক৷ আপোনাৰ মূৰটো বিপৰীত দিশে দি চকুৰে সমানকৈ মেলি দিয়া হাতখন লক্ষ্য কৰি থাকক৷ আনহাতে কোঁচাই দিয়া ভৰিখন গালৈ যিমান পাৰে টানি ধৰক৷ এনে অৱস্থাত আপুনি পেট, কঁকাল আদিত টান অনুভৱ কৰিব৷ এইদৰে কিছু সময় ৰৈ পাছৰ এৰি দিয়ক আৰু ইয়াৰ পাছত আনফালে মেলি ধৰা হাতখনেৰে আগৰ হাতখনৰ দৰে কৰক৷ এইদৰে দুয়োফালে চাৰিবাৰমান কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here