শৰীৰ সুস্থ তথা সবল কৰি ৰাখিবলৈ দৈনন্দিন জীৱন যাত্ৰাত যোগব্যায়াম কৰিবলৈ অভ্যাস কৰাটো অতি জৰুৰী৷ শৰীৰ ফিট ৰাখিবলৈ শৰীৰচৰ্চাৰ বিকল্প একো নাই৷ আনহাতে যোগাসনে বিভিন্ন শাৰীৰিক ৰোগ নিৰ্মূল তথা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ ইয়াৰ ভিতৰত আপুনি যদি স্পণ্ডিলাইটিছত ভুগি আছে, তেনেহ’লে নিয়মিতভাৱে জ্যেষ্ঠিকাসন কৰিলে সুফল পাব পাৰে৷ আনহাতে ষ্ট্ৰেচমুক্ত হৈ থাকিব বিচাৰিলে দৈনিক এই আসন কৰিলে উপকাৰ পাব৷ স্পণ্ডিলাইটিছসহ মেৰুদণ্ডৰ যিকোনো সমস্যাৰ বাবে এই আসনটো বেছ উপকাৰী৷ এই আসন নিয়মিতভাৱে অভ্যাস কৰিলে মানসিক চাপ কমে৷ অত্যন্ত পৰিশ্ৰম কৰাৰ পাছত এই আসন কৰিলে শৰীৰে আৰাম পোৱা লগতে শৰীৰে পুনৰ কাম কৰিবলৈ শক্তি পায়৷ সংস্কৃত শব্দ জ্যেষ্ঠৰ অৰ্থ অগ্ৰজ বা উচ্চ পৰ্যায়৷ এই আসনটো আচলতে অৰ্থই বুজাই ইয়াৰ উপকাৰিতা৷ অত্যন্ত সহজ আৰু সৰল এই আসনটো সকলো বয়সৰ লোকৰ বাবেই উপকাৰী৷
কিদৰে কৰিব এই আসন ঃ- এই আসন কৰিবলৈ একেবাৰে সহজ৷ প্ৰথমে মানুহজন এখন মেটত ওপৰমুৱাহৈ ভালদৰে শুই লওক৷ এতিয়া হাত দুখন পোন কৰিলে আগফালে দিয়ক আৰু একেদৰে ভৰি দুখনে পোন কৰি যিমান পাৰে মেলি দিব৷ এই অৱস্থানত শৰীৰ সকলো অংগ-প্ৰত্যংগ এনেভাৱে শিথিল কৰক, যাতে শৰীৰত কোনো বাহিৰা চাপ নপৰে৷ এই ভংগীত অলপ সময় বিশ্ৰাম লওক আৰু নিৰ্দিষ্ট সময় অন্তৰে অন্তৰে স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰক৷ হাতৰ তলুৱাত উষ্ণতা অনুভৱ কৰিলে ঘাৰত মৃদু চাপ দিয়ক৷ হাতৰ উষ্ণতা আৰু চাপে শৰীৰ আৰু মনৰ ক্লান্তি আৰু উদ্বেগ কমাই দিব আৰু মন-মগজু শান্ত কৰি ৰাখিব৷