পেকেটজাত গাখীৰ গৰম কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? এই কথাটো হয়তো বহুতেই অৱগত নহয় যে পেকেটজাত গাখীৰ মানেইতো পাস্তুৰাইজড৷ অৰ্থাৎ ইয়াক জীৱাণুমুক্ত কৰা৷ তেনেহ’লে এনেধৰণৰ গাখীৰ পুনৰ গৰম কৰাৰ ফলত ইয়াৰ পুষ্টিগুণ নাইকিয়া হয় নেকি? প্ৰায়ভাগ লোকেই ওটচ বা কৰ্নফ্লাক্সৰ সৈতে গাখীৰ মিহলি কৰি খোৱাৰ অভ্যাস কৰি লয়৷ আনহাতে ৰাতি শোৱাৰ আগে আগে একাপ গৰম গাখীৰ এচিকুট হালধি মিহলাই খালে যথেষ্ট শাৰীৰিক উপকাৰ হয়৷ গাখীৰে শৰীৰত কেলচিয়ামৰ অভাৱ নোহোৱা কৰে৷ কেলচিয়াম, পটাচিয়াম, ভিটামিন-ডিৰ দৰে উপাদান সমৃদ্ধ গাখীৰে শৰীৰৰ প্ৰতিৰোধ শক্তি বঢ়াই তোলে৷ দাঁত তথা হাড়ৰ স্বাস্থ্যৰ বাবে গাখীৰ উত্তম৷ ইয়াৰ লগতে ছাল তথা চুলিৰ যথেষ্ট উপকাৰ সাধন কৰে গাখীৰে৷ আগৰ দিনত গৰু বা ম’হৰ গাখীৰ খোৱা হৈছিল হৈছিল এতিয়া এইধৰণৰ গাখীৰৰ নাটনিৰ বাবে টেট্ৰা পেক বা পেকেটজাত গাখীৰ খোৱাৰ প্ৰৱণতা বাঢ়িছে৷ বহুতেই হয়তো জানে যে এই পেকেটজাত গাখীৰ জীৱাণুমুক্ত কৰি বা সঠিকভাৱে সংৰক্ষণ কৰাৰ পদ্ধতি অৱলম্বন কৰে৷ দীৰ্ঘ সময়ৰ বাবে গাখীৰ ভালে ৰখাৰ কাৰণে বিশেষ পদ্ধতিত নিৰ্দিষ্ট তাপমাত্ৰাত পাস্তুৰাইড কৰা হয়৷ পাস্তুৰাইজ পদ্ধতিত জীৱাণুমুক্ত তথা পেকেটজাত হিচাপে যি গাখীৰ বিক্ৰী কৰে, সেই গাখীৰ গৰম নকৰিলেও হয়৷ চিকিৎসকে কোৱা মতে কেঁচা গাখীৰ য’ত জীৱাণুমুক্ত কৰা নহয়, তেনে গাখীৰ গৰম নকৰাকৈ খোৱা উচিত নহয়৷ এই গাখীৰ সেৱন কৰিলে সংক্ৰমণৰ আশংকা বেছি থাকে৷