হজমৰ সমস্যা সমাধানৰ বাবে মৎস্যাসন কৰক

0
2

শৰীৰৰ স্বাস্থ্য উন্নত তথা নিৰোগী কৰি ৰাখিবলৈ যোগাসন কৰাৰ প্ৰয়োজনীয়তা আছে৷ নিয়মিতভাৱে কৰা যোগ অভ্যাসে এজন লোকক বিভিন্ন প্ৰকাৰে সহায় কৰে৷ সুস্থ-সবল হৈ থকাৰ একমাত্ৰ পথটোৱে হৈছে যোগ ব্যায়াম৷ আনহাতে বহুতৰে ক্ষেত্ৰত হজমৰ সমস্যা দেখা যায়৷ খাদ্য খোৱাৰ ফলত সঠিকভাৱে হজম নোহোৱাৰ ফলত শৰীৰত নানা অসুবিধাৰ সৃষ্টি হয়৷ বজাৰৰ পৰা ঔষধ কিনি খোৱাৰ ফলত দুদিনমান ঠিকে থাকে যদিও ঔষধ খাবলৈ এৰিলে পাছত পুনৰ হজমৰ সমস্যা আৰম্ভ হয়৷ সেয়ে দীৰ্ঘস্থায়ী সমাধানৰ বাবে নিয়মিতভাৱে মৎস্যাসন কৰাৰ অভ্যাস কৰিলে যথেষ্ট সুফল পোৱা যায়৷ মাছে পানীৰ তলত যিদৰে ঘূৰি থাকে, এই আসনটো কৰিলেও তেনে দেখা যায়৷ ভাসমান মাছৰ এই ভংগিমাৰ আসনে শৰীৰ আৰু মন সুস্থ সবল কৰি ৰাখে৷ কিদৰে কৰিব মৎস্যাসন ঃ- এই আসন কৰিবলৈ মানুহগৰাকী এখন মেট বা মাটিত ওপৰমুৱাকৈ শুই লওক৷ এতিয়া ভৰি দুখন পোন কৰি গোৰোহাত ভৰ দি, মূৰটোও মাটিত গুঁজি ধৰি শৰীৰৰ কঁকালৰ ওপৰৰ অংশ মাটিৰ ওপৰলৈ উঠাই দিয়ক৷ এনে অৱস্থাত হাত দুখন কঁকালৰ তলত ৰাখি শৰীৰৰ ভাৰ নিয়ন্ত্ৰণ কৰক৷ এনে সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখক৷ এইদৰে কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here