WHO-ৰ ঘোষণা : ভাৰতত নিৰ্মূল হ’ল ট্ৰাকোমা

0
36

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ ঘোষণা কৰিছে যে এই বছৰ ভাৰতে ৰাজহুৱা স্বাস্থ্য সমস্যা হিচাপে চকুৰ ৰোগ ট্ৰাকোমা নিৰ্মূল কৰিলে৷ ইয়াৰ লগে লগে এই সাফল্য অৰ্জন কৰা ভাৰত দক্ষিণ পূব এছিয়াৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হ’ল৷ উল্লেখ্য যে নতুন দিল্লীত অনুষ্ঠিত ডব্লিউ এইচ অ’ৰ আঞ্চলিক সমিতিৰ সভাত ভাৰতক আনুষ্ঠানিকভাৱে এই স্বীকৃতি দিয়া হয়৷ উল্লেখ্য যে ট্ৰাকোমা এবিধ চকুৰ ৰোগ আৰু বেক্টেৰিয়াৰ পৰা এই ৰোগ সংক্ৰমণ হয়৷ ট্ৰাকোমাত সংক্ৰমণ হোৱা লোকৰ চকু, চেলাউৰি, নাক, ডিঙিত সমস্যাৰ সৃষ্টি হয়৷ ১৯৫০-৬০ দশকত ভাৰতত অন্ধতাৰ প্ৰধান কাৰণ আছিল এই ট্ৰাকোমা ৰোগ৷ এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ট্ৰাকোমা নিয়ন্ত্ৰণ কাৰ্যসূচী আৰম্ভ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here