পুৰুষ নে নাৰী : কোনে বেছি শোৱে? সত্যটো জানিলে চমকি উঠিব

0
69

পুৰুষ নে নাৰী কোনে বেছি সময় টোপনি মাৰে৷ ইয়াৰ সত্যতা জানিলে হয়তো আপুনিও চমক খাই উঠিব পাৰে৷ প্ৰায়েই শুনা যায় যে মহিলাসকলে পুৰুষৰ তুলনাত বেছি সময় টোপনি মাৰে৷ বহুতেই এই কথাটো বিশ্বাস কৰে আৰু বহুতেই কয় যে এই কথাটো এটা গুজব৷ এতিয়া প্ৰশ্ন হ’ল আচলতে পুৰুষৰ তুলনাত মহিলাসকলক বেছি টোপনিৰ প্ৰয়োজন হয় নেকি? জানো আহক এই ধাৰণা সঠিক নে ভুল৷ মহিলাসকলৰ বাবে বেছি টোপনিৰ প্ৰয়োজন নেকি? আমি সকলোৱে জানো যে প্ৰতিদিনে ৭-৮ ঘণ্টা ভাল টোপনি স্বাস্থ্যৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ৷ সঠিক মাত্ৰাৰ টোপনিয়ে শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ উন্নতি ঘটায় তথা বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে৷ ইয়াৰ বিপৰীতে অনিদ্ৰা তথা সঠিক মাত্ৰাত টোপনিয়ে নামাৰিলে বিভিন্ন মাৰাত্ম ৰোগৰ সম্ভাৱনা বাঢ়ে৷ এটা কথা প্ৰায়েই কোৱা হয় যে মহিলাসকলে পুৰুষৰ তুলনাত বেছি সময় টোপনি মাৰে৷ ি€প ফাউণ্ডেশ্যনৰ এক প্ৰতিবেদমত কোৱা হৈছে যে এইটো একেবাৰে সত্য যে পুৰুষৰ তুলনাত মহিলাসকলে বেছি টোপনি মাৰে অৰ্থাৎ মহিলাসকলৰ পুৰুষৰ তুলনাত বেছি টোপনিৰ প্ৰয়োজন৷ মহিলাসকলে প্ৰতিদিনে কমপক্ষেও ৭-৯ ঘণ্টা ভাল টোপনি মৰা উচিত৷ মহিলাসকল হৰমনৰ পৰিৱৰ্তন, পিৰিয়ড, গৰ্ভাৱস্থা তথা মেনোপজৰ দৰে পৰিস্থিতিৰ মুখামুখি হয়৷ এই পৰিস্থিতিত তেওঁলোকৰ টোপনিৰ মাত্ৰা কমে৷ আনহাতে নিদ্ৰাহীনতাৰ সমস্যা মহিলাসকলৰ মাজত সাধাৰণ তথা ইয়ে তেওঁলোকৰ টোপনিৰ গুণমানক প্ৰভাৱিত কৰে৷ পুৰুষৰ তুলনাত মহিলাসকল বেছি চাপ তথা উদ্বেগত থাকে, যিয়ে টোপনিত ব্যাঘাত জন্মাব পাৰে৷ এই সকলোবোৰ কাৰণৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে পুৰুষৰ তুলনাত মহিলাসকলৰ বাবে বেছি টোপনিৰ প্ৰয়োজন৷ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে মহিলাসকল পুৰুষৰ তুলনাত বেছি শোৱে৷ বিজ্ঞানীৰ মতে হৰমন উৎপাদনৰ দৰে জৈৱিক পাৰ্থক্যও টোপনিত সাংঘাতিক প্ৰভাৱিত কৰে৷ ঘৰুৱা সকলোবোৰ কাম চম্ভালা, সামাজিক দায়িত্ব তথা সংসাৰৰ যত্ন লোৱাৰ কাৰণে মহিলাসকলৰ টোপনিত ব্যাঘাত জন্মায় আৰু এইবাবে তেওঁলোকৰ বাবে বেছি সময়ৰ বাবে টোপনিৰ প্ৰয়োজন হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here