শৰীৰৰ ৰক্ত প্ৰবাহ উন্নতিৰ বাবে ভুজংগাসন কৰক

0
18

ডায়েটিং কৰিও আপোনাৰ পেটৰ চৰ্বি কমা নাই৷ যাৰ কাৰণে আপুনি অশান্তিত দিন কটাইছে৷ ইয়াৰ লগতে মানসিক চাপ, টেনশ্যন বাঢ়িছে কঁকালৰ চৰ্বি বঢ়াক লৈও৷ আনহাতে শৰীৰৰ ৰক্ত সঞ্চালন তথা ৰক্ত প্ৰবাহ উন্নতিৰ বাবে আপুনি বাছনি কৰিব পাৰে যোগাসন৷ যোগাসনে আপোনাক সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ সহায় কৰিব পাৰে৷ যোগব্যায়ামে শাৰীৰিক তথা মানসিক শ্ৰীবৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ সেয়ে পেটৰ চৰ্বি নোহোৱা কৰিবলৈ তথা শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰিবলৈ নিয়মিতভাৱে ভুজংগাসন কৰিলে সুফল পোৱা যায়৷ ভুজংগাসনক কব্ৰা ষ্ট্ৰেচ নামেৰেও জনা যায়৷ এই আসন কৰিলে পিঠিৰ পেশী শক্তিশালী হোৱাৰ সহায় কৰে৷ ইয়াৰ লগতে শৰীৰৰ নমনীয়তা তথা ৰক্ত প্ৰবাহৰ উন্নতিত সহায় কৰে৷
কিদৰে কৰিব ভুজংগাসন ঃ- এই আসন কৰিবলৈ বিশেষ জটিলতা নাই৷ প্ৰথমে মানুহজন মাটিত পেট পেলাই শুই দিয়ক৷ তাৰ পাছত আপুনি ভৰি দুখন পিছফাললৈ পোন কৰি দিব৷ এতিয়া হাতত ভৰ দি কঁকালৰ পৰা ওপৰৰ অংশটো মাটিত ওপৰলৈ লাহে লাহে উঠাই আনক৷ এইদৰে মূৰটো ওপৰমুৱাকৈ ৰাখি পিছফালে হাওলাই দিব, যাতে পিঠিত কষ্ট অনুভৱ কৰে৷ এনে অৱস্থাত হাত দুখনৰ পোন কৰি মাটিত ভৰ দি ৰাখিব৷ উশাহ-নিশাহ স্বাভাৱিকভাৱে লওক৷ এইদৰে কিছু সময় ৰৈ পাছত আগৰ অৱস্থালৈ পুনৰ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here