অত্যধিক গুৰ সেৱনে ঘটাব পাৰে পাৰ্শ্বক্ৰিয়া

0
28

কম-বেছি পৰিমাণে আমি সকলোৱে লাঞ্চ বা ডিনাৰৰ সময়ত মিঠাই খোৱাটো পচন্দ কৰোঁ৷ দোকানত কিনিবলৈ পোৱা মিঠাইৰ বিকল্প হিচাপে বহুতে গুৰ বাছি লয়৷ গুৰৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি বহুতেই খাদ্য তালিকাত স্বাস্থ্যগত কাৰণত অন্তৰ্ভুক্ত কৰে৷ কিন্তু অত্যধিক গুৰ সেৱনে আপোনালৈ মাতিব পাৰে বিপদ৷ কিছু পাশ্বৰ্ক্ৰিয়া সংঘটিত হ’ব পাৰে অধিক মাত্ৰাত গুৰ খোৱাৰ ফলস্বৰূপে জানো আহক৷
অত্যধিক গুৰ সেৱনৰ ফলত ব্লাড ছুগাৰৰ লেভেল বাঢ়ি যাব পাৰে৷ ১০০ গ্ৰাম গুৰত প্ৰায় ৩৮৩ কেলৰি থাকে৷ সেয়েহে প্ৰতিদিনে গুৰ খোৱাৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বঢ়াৰ সম্ভাৱনা থাকে৷
গুৰ উৎপাদন ক্ষেত্ৰত বিজ্ঞানসন্মত নহ’লে কেঁচামাল ৰখা ঠাই বা গুৰ ৰখা পাত্ৰত পৰজীৱীয়ে বাস কৰিব পাৰে৷ এইধৰণৰ স্বাস্থ্যসন্মতভাৱে গুৰ তৈয়াৰ নহ’লে শৰীৰৰ অপকাৰ সাধন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পায়৷
খুব বেছি গুৰ সেৱন কৰিলে বমি বমি ভাব, পেটৰ বিষ, মূৰৰ বিষ, ঠাণ্ডা লগা আদি শৰীৰৰ নানা সমস্যাই দেখা দিব পাৰে৷
ওজন বৃদ্ধিত গুৰে অৰিহণা যোগাব পাৰে৷ গুৰত থকা ফেট, প্ৰ’টিন,গ্লুকজ, ফ্ৰুক্টজ আদিয়ে আমাৰ ওজন বৃদ্ধিত সহায় কৰে৷
গুৰৰ অত্যধিক সেৱনে হজম শক্তি দুৰ্বল কৰিব পাৰে৷ ফলত কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here