ই এক বিৰল ক্ষণ৷ এনে সুযোগ সহজে পোৱা নাযায়৷ তাকো মহাকাশৰ পৰা৷ আইএছএছ অৰ্থাৎ আন্তৰ্জাতিক স্পেচ ষ্টেচনৰ পৰা বহুসময়ত পৃথিৱীৰ বিভিন্ন বিৰল ছবি তুলিবলৈ সক্ষম হৈছে মহাকাশচাৰীয়ে৷ এইবাৰ তেনে এখন ছবি তোলাৰ সুযোগ পালে ফটোগ্ৰাফাৰে৷ মহাকাশচাৰীয়ে তোলা এই বিৰল ছবিখনত পৃথিৱীৰ এখন নদীৰ পানীত সূৰ্যৰ পোহৰ এইদৰে পৰিছে যে দেখাত নদীখনে যেনেকৈ আছে ঠিক সেইদৰে থিৰে আছে৷ এই ছবিখন নদীখনৰ চাৰিওফালে প্ৰকৃতিৰ ছবিক খুব সুন্দৰভাৱে পৃথক কৰা হৈছে৷ কাৰণ নদীখনৰ গতিপথৰ বিশাল অংশ ধৰা পৰিছে মহাকাশৰ পৰা৷ সকলোতকৈ ইয়াত পাৰ সূৰ্যৰ পোহৰৰ বাবে নদীৰ জলভাগ জলমলাই আছে৷ আৰু ইয়াৰ কাষৰ সেউজীয়া প্ৰকৃতি ৰং পৃথক হৈ পৰিছে৷ এলাব্যামা নদীৰ স্বচ্ছ পানীৰ ওপৰত সূৰ্যৰ পোহৰ এইদৰে অত্যধিক পৰি প্ৰস্তুত কৰিছে ছানগ্লিণ্ট৷ সেই বিৰল ছানগ্লিণ্টৰ মুহূৰ্তৰ ছবি সংগ্ৰহ কৰিছে মহাকাশচাৰীয়ে৷ এই আলোকচিত্ৰ এতিয়া নাছাৰ সম্পদ হৈ পৰিছে৷ মাৰ্কিন যুক্তৰাষ্ট˜ৰ এলাব্যামা ৰাজ্যৰ মাজেৰে বৈ যোৱা এলাব্যামা নদীৰ ওপৰত ১৯৬০ চনত বান্ধ দিয়া হৈছিল৷ যাৰ ফলত পানী বাঢ়ি ইয়াৰ আশে-পাশে প্লাৱনভূমিৰ সৃষ্টি কৰিছিল৷ সেই বাঢ়ি উঠা পানীৰ দৃশ্য ধৰা পৰিছে নদীৰ বিশাল গতিপথত৷ ইয়াতে সূৰ্যৰ ৰশ্মি পৰি গোটেই অঞ্চলটোৱে জলমলাই উঠিছে৷