মুৰ্গীৰ এই অংশ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

0
31

মুৰ্গীৰ মাংস খাই ভাল নোপোৱা মানুহ নাই৷ বিশেষকৈ আজিকালিৰ সৰু ল’ৰা-ছোৱালীৰ অতি প্ৰিয় খাদ্য হৈছে মুৰ্গীৰ মাংস৷ তেওঁলোকৰ বহুতকেই প্ৰতিসাঁজত মুৰ্গ¹ৰ মাংস দিলেহে মুখলৈ ভাত এগৰাহ নিয়ে৷ অৱশ্যে প্ৰ’টিন সমৃদ্ধ মুৰ্গীৰ মাংস উপকাৰো আছে যথেষ্ট৷ মুৰ্গীৰ মাংস স্বাস্থকৰ হ’লেও ইয়াৰ এটা অংশ শৰীৰৰ কাৰণে ক্ষতিকাৰক৷ এই অংশটো খাদ্য হিচাপে খোৱাৰ ফলত স্বাস্থ্যৰ ওপৰত পাৰ্শ্ব প্ৰতিক্ৰিয়া হ’ব পাৰে৷ সেয়ে মুৰ্গীৰ মাংস খোৱাৰ সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ নহ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে৷ এই খোৱাৰ অনুপযোগী অংশটো হ’ল ইয়াৰ ছাল৷ মুৰ্গীৰ ছালখনত যথেষ্ট পৰিমাণে চৰ্বি থাকে৷ ইয়াৰ পৰা শৰীৰে কোনো পুষ্টি আহৰণ নহয়৷ সেয়ে খাদ্য হিচাপে আটাইতকৈ অদৰকাৰী অংশটোৱে হ’ল ছালখন৷ দ্বিতীয়তে মুৰ্গী বিক্ৰেতাই মুৰ্গীৰ মাংসক গ্ৰাহকৰ বাবে দেখাত আকৰ্ষণীয় কৰিবলৈ ছালখনৰ ওপৰত ৰাসায়নিক স্প্ৰে’ কৰে, যি খোৱা একেবাৰে অনুচিত৷ মুৰ্গীৰ ছাল খোৱাৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি হৈ শৰীৰৰ ওজন বৃদ্ধি হ’ব পাৰে৷ ইয়াৰ উপৰি মুৰ্গীৰ ছাল খালে উচ্চ ৰক্তচাপ আৰু হূদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়৷ নিঃসন্দেহে অত্যধিক চৰ্বি থকাৰ বাবে মুৰ্গী ছালসহিতে খালে আঞ্জাখনৰ সোৱাদ দুগুণে বৃদ্ধি হয় যদিও স্বাস্থ্য ৰক্ষাৰ কাৰণে মুৰ্গীৰ মাংস কিনাৰ সময়ত ছাল অিবহনে কিনি খোৱাটো স্বাস্থ্যসন্মত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here