ষ্ট্ৰেচ কমাই মন শান্ত ৰাখে উত্তানাসনে

0
13

বৰ্তমান যান্ত্ৰিকতা যুগত সৰ্বসাধাৰণ লোকৰ মাজত সমাজত কোনো কিদৰে বৰ্তি থাকিব তাক লৈ প্ৰতিযোগিতা চলিছে৷ অফিচ-কাছাৰীৰ ঘড়ীৰ কাঁটাই সঠিক সয়ম মানি কৰ্ম কৰা বা অফিচৰ কামৰ বোজাই কোঙা কৰি দিছে৷ ইয়াৰ উপৰি বিভিন্ন সাংসাৰিক সমস্যা, কম উপাৰ্জন কৰি মাহটো নিয়াৰিকৈ চলিবলৈ চেষ্টা কৰা, অন্যথা যথেষ্ট কষ্ট কৰি কামক সঠিক মূল্য নাপায় টকা মাহটো কেলঢেপ কেলঢেপকৈ চলা, শৰীৰত ৰোগ-ব্যাধি লাগি থকা আদিয়ে মানুহক ভাৰক্ৰান্ত কৰে৷ যাৰ ফলত মানসিক চাপ বৃদ্ধি পায়৷ মনৰ জোৰ হেৰাই একো উৱাদিহ নোপোৱা অৱস্থা হয়৷ মানসিক উদ্বেগ তথা চাপে মানুহজনক অকাৰণতে ৰুগীয়া কৰি পেলায়৷ একো কামতে মন দিব নোৱৰা হয়, খং-ৰাগ বাঢ়িবলৈ ধৰে, অকলশৰীয়াকৈ থাকিবলৈ লয়৷ এইবোৰে কেতিয়াবা আত্মহত্যাৰ দৰে দুৰ্ঘটনাৰো সূচনা কৰে৷ সেয়ে মানসিক চাপ কমাই মনটোৰ পৰা উদ্বেগ-উদ্বিগ্নতা নোহোৱা কৰিবলৈ আমি কিছু কাম কৰিবলগীয়া হয়৷ ইয়াৰ ভিতৰত যোগসাধনা অন্যতম৷ যোগে মানুহক এইবোৰ সমস্যাৰ পৰা মুুক্তি দিব পাৰে৷ ষ্ট্ৰেচ কমাই মনটো প্ৰফুল্লিত কৰি ৰাখিবলৈ নিয়মিতভাৱে উত্তানাসন আসন কৰাৰ অভ্যাস গঢ় দিয়ক৷ দেখিব আপোনাৰ সকলো মানসিক চাপ, দুশ্চিন্তা লাহে লাহে আঁতৰি গৈছে৷
কিদৰে কৰিব উত্তানাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মানুহজন মুকলি ঠাইত থিয় হৈ লওক৷ এতিয়া হাত দুখন প্ৰসাৰিত কৰি লাহে লাহে মানুহজন আগফালে তললৈ হাউলি যাওক৷ এইদৰে হাউলি গৈ আপোনাৰ মূৰটো ভৰিৰ আঁঠুৰ তলৰ অংশত ম্পৰ্শকৰক৷ এই সময়ত আপোনাৰ হাত দুখন ভৰিৰ গোৰোহাৰ খামুচি ধৰি ৰাখক৷ এই অৱস্থাত ভৰি দুখন যাতে সম্পূৰ্ণ পোন হৈ থাকে তালৈ লক্ষ্য কৰিব৷ এইদৰে দুই-তিনি মিনিট থাকে লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক৷ এইদৰে তিনিবাৰমান কৰিবলৈ চেষ্টা কৰিব৷ মনত ৰাখিব প্ৰথমাৱস্থাত মূৰটো আঁঠুত লগাব নোৱাৰিলেও পিছদিনা পুনৰ চেষ্টা কৰিবলৈ নেৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here