মানৱ শৰীৰৰ অধিকাৰী প্ৰতিজন ব্যক্তিৰে তেজৰ গ্ৰুপ ভিন্ন আৰু এই গ্ৰুপৰ জৰিয়তে মানুহ এজনৰ শাৰীৰিক ক্ৰিয়া-প্ৰক্ৰিয়াবোৰ পৰিচালিত হয়৷ তেজৰ গ্ৰুপৰ ভিন্নতা অনুসৰি ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, শাৰীৰিক শক্তি, ইমিউনিটি ছিষ্টেমৰ ক্ষমতা, আন আনুষংগিক কাৰ্যক্ষমতা জনা যায়৷ এ, বি, এবি আৰু ও এই চাৰিটা হ’ল তেজৰ প্ৰধান গ্ৰুপ৷ বেছিভাগ তেজৰ গ্ৰুপ বিংশ শতাব্দীৰ প্ৰথমভাগত চিনাক্ত হৈছিল৷ ইয়াৰ প্ৰায় ৫০ বছৰ পাছত সম্প্ৰতি ২০২২ চনত গৱেষকে প্ৰথম ইআৰ নাম আন এটা নতুন তেজৰ গ্ৰুপৰ কথা জানিবলৈ সক্ষম হয়৷ এই নতুন তেজৰ গ্ৰুপটো মাত্ৰ কেইটামান মানুহৰ দেহত পোৱা যায়৷ এই নতুনকৈ আৱিষ্কাৰ হোৱা তেজৰ গ্ৰুপটো অত্যন্ত বিৰল হিচাপে পৰিচিত হৈছে৷ যুক্তৰাষ্ট্ৰৰ নেশ্যনেল হেল্থ ছাৰ্ভিচৰ হেমাটোলজিষ্ট লুইচ টিলিয়ে ২০ বছৰ ধৰি এই তেজৰ গ্ৰুপটোক লৈ দলীয়ভাৱে গৱেষণা কৰি আছে৷ তেওঁ জানিবলৈ দিয়া মতে এইটো এটা বিশাল অৰ্জন৷ সুদীৰ্ঘ কাল ধৰি কৰা গৱেষণাৰ ফচল বুলি তেওঁ উল্লেখ কৰে৷ এই নতুনকৈ আৱিষ্কৃত হোৱা তেজৰ গ্ৰুপৰ ৰোগীগৰাকীক সেৱা কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰা হয়৷ এই তেজৰ গ্ৰুপ আৱিষ্কাৰ কৰা ইমান সহজ নাছিল৷ কাৰণ এইধৰণৰ জেনেটিক ঘটনা অত্যন্ত বিৰল৷ আগৰ গৱেষণাত দেখা গৈছিল যে ৯৯.৯ শতাংশতকৈ বেছি মানুহৰ তেজত এ এন ডব্লিউজ নামৰ একধৰণৰ এণ্টিজেন থাকে৷ এই এণ্টিজেন ১৯৭২ চনত পোৱা গৰ্ভৱতী মহিলাৰ দেহৰ তেজত অনুপস্থিত আছিল৷ মেলিন আৰু লিম্ফোছাইট প্ৰ’টিনৰ ওপৰত নিৰ্ভৰ কৰে এই এণ্টিজেনৰ উপস্থিতি৷ সেয়ে গৱেষকে পোৱা এই নতুন তেজৰ গ্ৰুপক কোৱা হৈছে এমএএল বুলি৷ কাৰণ তেজত মেলিন আৰু লিম্ফোছাইট এই দুই প্ৰ’টিনৰ মিউটেশ্যন বা ৰূপান্তৰিত প্ৰতিলিপি থাকিলে তেওঁলোকৰ তেজৰ গ্ৰুপ হয় এএনডব্লিউজ নিগেটিভ৷ টিলি আৰু তেওঁৰ দলে এই বিৰল তেজৰ গ্ৰুপৰ তিনিজন ৰোগীক চিহ্নিত কৰিছে, যাৰ এই মিউটেশ্যন নাছিল৷ ইউনিভাৰছিটি অব ৱেষ্ট ইংলেণ্ডৰ কোষবিজ্ঞানী টিম স্যাছৱেলে কৈছে যে এমএএল হ’ল কিছু আকৰ্ষণীয় বৈশিষ্ট্যপূৰ্ণ খুব সূক্ষ্ম এটা প্ৰ’টিন৷ এইবোৰৰ কাৰণে তেজৰ গ্ৰুপ চিনাক্ত কৰা কঠিন হৈ পৰে৷ অৰ্থাৎ এই তেজৰ গ্ৰুপ নিৰ্দিষ্ট কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰে অনুসন্ধান কৰা হয়৷