পৃথিৱীৰ দিশে ৫০০ ফুটৰ দৈত্যকায় গ্ৰহাণু : প্ৰলয়ৰ আশংকা নাছাৰ

0
18

অনন্ত মহাকাশৰ বুকু ফালি পৃথিৱীৰ দিশে ধাৱমান হৈছে এক দৈত্যকায় গ্ৰহাণু৷ ৫০০ ফুট দৈৰ্ঘ্যৰ বিশাল এই প্ৰস্তৰখণ্ড পৃথিৱীত পৰিলে ঘটিল পাৰে মহাপ্ৰলয়৷ দানৱাকাৰ এই গ্ৰহাণুটোৰ গতিবিধি পৰ্যবেক্ষণ কৰি সতৰ্কবাৰ্তা প্ৰকাশ কৰিছে নাছাৰ জেট প্ৰপালশ্যন লেবৰেটৰিয়ে৷ জানিব পৰা মতে ৩৩,৯৪৭ কিলোমিটাৰ গতিবেগেৰে দ্ৰুতভাৱে গতি কৰা এই গ্ৰহাণুটোৱে পৃথিৱীৰ গাত ঘঁহনি খাই যাব৷ বিজ্ঞানীয়ে পৃথিৱীৰ দিশে অহা এই গ্ৰহাণুটোক ২০২০ ডব্লু জি এপোলো গ্ৰুপৰ মাজত ধৰিছে৷ সাধাৰণতে পৃথিৱীৰ পৰা গ্ৰহাণুৰ দূৰত্ব আৰু তাৰ আয়তন হিচাপ কৰি সম্ভাব্য বিপজ্জনক গ্ৰহাণুবোৰ শ্ৰেণীবদ্ধ কৰে বিজ্ঞানীয়ে৷ মূলতঃ ৪৬০ ফুটতকৈ ডাঙৰ আৰু পৃথিৱীৰ পৰা ৪.৫ মিলিয়ন কিলোমিটাৰৰ মাজৰ গ্ৰহাণুবোৰক সম্ভাৱ্য বিপজ্জনক গ্ৰহাণু হিচাপে চিহ্নিত কৰা হয়৷ সেই হিচাপৰ ফালে লক্ষ্য কৰিলে এই গ্ৰহাণুটো বিপজ্জনক গ্ৰহাণু হিচাপে ধৰা হয়৷ নাছাৰ দাবী ডব্লু জি নামৰ এই গ্ৰহাণুটো ৩.৩৩ মিলিয়ন কিলোমিটাৰ দূৰত্বত পৃথিৱীৰ অতিক্ৰম কৰিব৷ সেয়ে এই বিশাল মহাজাগতিক পিণ্ডটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here