এণ্টাৰ্কটিকাত বৰফৰ তলত মিলিল নতুন পৃথিৱীৰ সন্ধান

0
34

এণ্টাৰ্কটিকাৰ বৰফৰ তলত সন্ধান পোৱা গৈছে এক নতুন মেৰিন দুনীয়াৰ৷ এই আ(ৰ্যকৰ ঠাইত অদ্ভুত ধৰণৰ প্ৰাণী পোৱা গৈছে বুলি দাবী কৰিছে নিউজিলেণ্ডৰ এদল বিজ্ঞানীয়ে৷ বিজ্ঞানীৰ দলটোৱে জনোৱা মতে বৰফৰ একেবাৰে তলত মেৰিন লাইফৰ সন্ধান পোৱা গৈছে৷ সম্প্ৰতি বিজ্ঞানীৰ এই বক্তব্যৰ সংবাদ প্ৰকাশ পাইছে ব্ৰিটিছ গণমাধ্যম দ্য গৰ্ডিয়ান আৰু টেকভিত্তিক সংবাদ মাধ্যম লাইফ ছায়েন্সত৷ উল্লেখ্য যে বিজ্ঞানীয়ে এণ্টাৰ্কটিকাৰ ৰছ আইচ শেল্ফৰ পৰা কেইবাশ কিলোমিটাৰ দূৰত্বত অৱস্থিত এটা মোহনা পৰ্যবেক্ষণ কৰিবলৈ যোৱাৰ সময়তে এই নতুন পৃথিৱীৰ সন্ধান লাভ কৰে৷ মূলতঃ জলবায়ু পৰিৱৰ্তনৰ কাৰণে বৰফ গলনৰ ফলত ইয়াৰ ভূমিকা কি হ’ব পাৰে, সেই কথা জনাৰ উদ্দেশ্যে বিজ্ঞানীয়ে তালৈ গৈছিল৷ বিজ্ঞানীয়ে বৰফৰ মাজত লক্ষ্য কৰিছিল ঢাকোন আৰু ইয়াতে তেওঁলোকৰ কেমেৰাই অস্বাভাৱিক কিছু মুভিং অবজেক্ট ধৰা পেলাইছিল৷ কেমেৰাত ধাৰণ কৰা ভিডিঅ’ পৰ্যবেক্ষণ কৰি বিজ্ঞানীয়ে জনায় যে উক্ত ঠাইত বৰফৰ একেবাৰে তলত ক্ষুদ্ৰ প্ৰাণীৰ বিৰাট এটা দল আছে৷ এই বিষয়ে গৱেষকৰ দলৰ সদস্য ক্ৰেগ ষ্টিফেন্সে কৈছে যে কিছু সময়ৰ কাৰণে তেওঁলোকৰ কেমেৰাই বিসংগতি দেখা দিয়ে৷ কিন্তু যেতিয়া সূক্ষ্মভাৱে লক্ষ্য কৰা হয় তেতিয়া কেমেৰাত দেখা পোৱা যায় পাঁচ মিমি আকাৰৰৰ আথ্ৰোপডৰ এটা জাক৷ তেওঁ লগতে কয় যে এই আইচ শেস্ফৰ অন্যান্য অংশত পৰীক্ষা কৰি দেখা গৈছিল তাৰ চাৰিওফালে যি দেখা গ’ল, সকলোৱে চমকি উঠিলে৷ উক্ত গৱেষকৰ দলটোক নেতৃত্ব দিছিল হুও হৰ্গানে৷ তেওঁ কয় যে এই মোহনা অধ্যয়নৰ আছিল তেওঁলোকৰ ওচৰত লুকাই থকা বিশ্ব এখনত প্ৰৱেশ কৰাৰ দৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here