বিশেষজ্ঞৰ আহ্বান : হৃদপিণ্ডৰ স্বাস্থ্যক মনোযোগ দিয়ক

0
18

এখন সুস্থ হৃদয় অতি প্ৰয়োজনীয়৷ কাৰণ ইয়ে শৰীৰৰ সৰ্বত্ৰ ৰক্ত সঞ্চালনত সহায় কৰে৷ হৃদয়ৰ দ্বাৰা টিছুবোৰত অক্সিজেন আৰু পুষ্টি উপাদান যোগান ধৰা হয় ইয়াৰ লগতে বৰ্জ্য পদাৰ্থবোৰ নিৰূপণ কৰি হয়৷ সেয়ে হৃদপিণ্ড ভালে তথা সুস্থ কৰি ৰখাটো সামগ্ৰিক স্বাস্থ্য তথা দীৰ্ঘ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ এই মত দাঙি ধৰিছে দেশৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ তথা এপল’ হস্পিটেল চেন্নাইৰ হৃদৰোগ চিকিৎসক ডাঃ কে এন শ্ৰীনিবাসনে৷ তেওঁ লগতে কয় যে অসুস্থ হৃদয়ে হৃদৰোগ, ষ্ট্ৰক আৰু হৃদপিণ্ডৰ বিফলতাৰ দৰে কঠিন পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, যিবোৰে কাৰকে জীৱনৰ মান তথা জীৱনশৈলীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ এই কাৰকবোৰে আনকি কেতিয়াবা প্ৰাণঘাতীও হ’ব পাৰে৷ উল্লেখ্য যে বৰ্তমান কাৰ্ডিঅ’ভাস্কুলাৰ ডিজিজ বিশ্বজুৰি মৃত্যুৰ প্ৰধান কাৰণ হিচাপে দেখা দিছে৷ মানুহৰ জীৱনশৈলীৰ অভ্যাসে হৃদপিণ্ডৰ স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলায়৷ সেয়ে নিয়মিতভাৱে শাৰীৰিক ব্যায়াম, সেউজীয়া শাক-পাচলি, ফল-মূল, পুষ্টিকৰ প্ৰ’টিন সমৃদ্ধ খাদ্য গ্ৰহণ আৰু ধূমপান আদিৰ দৰে ক্ষতিকাৰক দ্ৰব্য সেৱন পৰা বিৰত থকা আদি অভ্যাসবোৰ কৰিলে এখন সুস্থ হৃদয়ৰ অধিকাৰী হৈ থাকিব পাৰি৷ আনহাতে মানসিক চাপ পৰিচালনা কৰা তথা পৰ্যাপ্ত টোপনি নিশ্চিত কৰা, যি উচ্চ ৰক্তচাপ আৰু আন সম্পৰ্কিত অৱস্থাৰ সংকট হ্ৰাস কৰিব পাৰে৷ ইয়াৰ লগতে উচ্চ ৰক্তচাপ, মধুমেহ, স্থূলতা, কলেষ্টৰেল নিয়ন্ত্ৰণ আদি সংকটৰ কাৰকবোৰ নিয়ন্ত্ৰণ ৰাখিলে সুস্থ হৃদযন্ত্ৰৰ দ্বাৰা হৃদৰোগৰ পৰা বাচি থাকিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here