মানুহ মঙলত জন্মিলে কেনে হ’ব : জনালে বিজ্ঞানীয়ে

0
66

মঙল গ্ৰহত মানুহৰ বসতি স্থাপনৰ চেষ্টা কৰি আছে স্পেচএক্সৰ প্ৰতিষ্ঠাতা ইলন মাস্কে৷ অনাগত বিশ বছৰৰ ভিতৰত মঙলত মানুহৰ বসতি গঢ়াৰ পৰিকল্পনা কৰিছে মাস্কে৷ ইলন মাস্কৰ এই প্ৰচেষ্টাৰ মাজতে বিজ্ঞানীয়ে সদৰী কৰিছে যে মানুহ মঙল গ্ৰহত জন্ম গ্ৰহণ কৰিলে পৃথিৱীৰ দৰে স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম নহ’ব৷ মঙলপৃষ্ঠৰ জলবায়ুই মানুহৰ কাৰণে ভাবুকি হ’ব পাৰে৷ বিজ্ঞানীয়ে কোৱা মতে ৰঙাগ্ৰহত জন্মা মানুহৰ ছালৰ ৰঙৰ সেউজীয়া হৈ যাব পাৰে৷ ইয়াৰ উপৰি শাৰীৰিকভাৱে বিভিন্ন দুৰ্বলতাও পৰিলক্ষিত হ’ব৷ সেয়ে ইয়াত মানুহে বসতি স্থাপন কৰাৰ আগতে আৰু অধিক গৱেষণা কৰাৰ প্ৰয়োজন আছে বুলিও গৱেষকে সদৰী কৰিছে৷ টেক্সাছৰ ৰাইছ ইউনিভাৰছিটিৰ জীৱ বিজ্ঞানী ড॰ স্কট ছলোমোনে জনোৱা মতে মঙল গ্ৰহত জন্মা শিশুৰ শৰীৰৰ বিভিন্ন পৰিৱৰ্তন হ’ব পাৰে৷ তেনে শিশুৰ পেশী দুৰ্বল হ’ব পাৰে, দৃষ্টিশক্তি কম তথা হাড় দুৰ্বল হ’ব পাৰে৷ আনকি ছালৰ ৰং সেউজীয়া হ’ব পাৰে৷ উল্লেখ্য যে মঙল গ্ৰহ পৃথিৱীতকৈ ত্ৰিছ শতাংশ সৰু৷ সেইবাবে ইয়াত মাধ্যাকৰ্ষণ শক্তিও কম৷ আনহাতে ইয়াত থকা তেজস্ত্ৰিয়তাও পৃথিৱীতকৈ বহুত বেছি৷ যাৰ কাৰণে ছালৰ ৰং পৰিৱৰ্তন হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here