ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে বালাসন কৰক

0
2

শৰীৰ সুস্থ থকা মানে শৰীৰৰ সকলো অংগ-প্ৰত্যংগৰে স্বাস্থ্য ভালে থকা, অৰ্থাৎ শৰীৰৰ সকলো অংগই সম্পূৰ্ণ কাৰ্যক্ষম তথা সুস্বাস্থ্যৰ অধিকাৰী হৈ থকা৷ আমাৰ শৰীৰৰ অভ্যন্তৰীণ অংগৰ সুচাৰুৰূপে কাম কৰি থাকিবলৈ তথা ৰোগৰ পৰা হাত সাৰিবলৈ আমি বাহিৰৰ পৰাই ইয়াৰ সুস্থতাৰ বাবে কাম কৰিব লাগে৷ এইবোৰ অংগৰ ভালে ৰাখিবলৈ খোৱাৰ খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ আনহাতে যোগব্যায়াম এনে এবিধ অনুশীলন, যাৰ জৰিয়তে আপুনি আমাৰ দেহৰ অভ্যন্তৰীণ অংগবোৰৰ সুস্বাস্থ্য তথা কাৰ্যক্ষম ক্ষমতা বৃদ্ধি কৰিব পাৰে৷ এইধৰণৰ যোগৰ ভিতৰত বালাসন অন্যতম, যাৰ জৰিয়তে ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ কাৰ্যকাৰিতা বৃদ্ধি কৰিব পাৰে৷ নিয়মিতভাৱে বালাসন কৰাৰ অভ্যাস কৰিলে এই দুই অংগৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ ইয়াৰ লগতে গোটেই শৰীৰ শিথিল কৰাত তথা কশেৰুকাৰ স্থিতিস্থাপক কৰাত বালাসনে সহায় কৰে৷ গেষ্টি˜কৰ সমস্যা সমাধান কৰাত বালাসনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
জানো আহক কিদৰে বালাসন কৰিব ঃ- এই আসন কৰিবলৈ একেবাৰে উজু তথা ইয়াৰ ফলাফল কিন্তু আপুনি ভাবিব নোৱাৰে৷ এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটিত বহি লওক৷ ভৰি দুখনৰ মাজত সামান্য ফাক ৰাখিব৷ তাৰ পাছত হাত দুখন আগলৈ দীঘলকৈ মেলি ধৰক৷ এইবাৰ দুই হাত মূৰৰ ওপৰেৰে প্ৰসাৰিত কৰি মূৰটো মাটিত লগাই দিয়ক৷ মনত ৰাখিব কপালখন যাতে মাটিত লাগি থাকে৷ এইদৰে ত্ৰিছ ছেকেণ্ডমান ৰৈ পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাওক৷ এইদৰে দুবাৰমান কৰাৰ চেষ্টা কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here