বিগত কেইবাদিন ধৰি গোটেই বিশ্বতে ছ’চিয়েল মিডিয়াত আলোড়ন, হৈ-চৈ লগাইছে স্লিপমাক্সিং-এ৷ অনিদ্ৰা সমস্যা দূৰ কৰা টোপনিৰ এই কাৰ্যকৰী পদ্ধতিটো বিভিন্ন সামাজিক যোগাযোগ মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে৷ আমেৰিকাৰ সংবাদ মাধ্যম দ্য নিউয়ৰ্ক টাইমছ তথা ভাৰতীয় সংবাদ মাধ্যম টাইমছ অব ইণ্ডিয়াৰ এটা প্ৰতিবেদনৰ পৰা জনা গৈছে যে নিদ্ৰাপ্ৰেমীৰ মাজত সম্প্ৰতি জনপ্ৰিয় হৈ উঠিছে স্লিপমাক্সিং৷ এই স্লিপমাক্সিং পদ্ধতিৰে টোপনিৰ মান বৃদ্ধিৰ কিছু উপায় পোৱা যায়৷ স্লিপমাক্সিং পদ্ধতিৰ কিছু উপায়ৰ বিষয়ে জনাটো উচিত৷ টোপনিৰ সময়ত মাউথ টেপ ব্যৱহাৰ কৰা৷ এই মাউথ টেপৰ জৰিয়তে মুখ বন্ধ কৰি টোপনি যাব পৰা যায়৷ ইয়াৰ ফলত নাকেৰে বিশুদ্ধ বায়ু সেৱন কৰাৰ ফলত টোপনি গভীৰ হয়৷ স্লিপমাক্সাৰে জনোৱা মতে মেগনেচিয়াম সমৃদ্ধ তেলে টোপনিৰ গভীৰতা বৃদ্ধি কৰে৷ সেয়ে এই তেলেৰে শৰীৰত মালিচ কৰি টোপনিৰ বাবে প্ৰস্তুত হোৱা ভাল৷ টোপনি কিমান গভীৰ হৈছে, কিমান সময়ত গভীৰ নিদ্ৰাত আছে বা কিমান সময়ত বাবে পাতল টোপনি আহিছে আদি জনাৰ বাবে টোপনিৰ সময়ত স্লিপ টেকাৰ ব্যৱহাৰ কৰা৷ নিয়মিতভাৱে অশ্বগন্ধা খোৱা উচিত৷ গভীৰ টোপনি আহিবলৈ এই ভেষজ উপাদান অতি কাৰ্যকৰী৷ আনহাতে টোপনিত সহায় কৰে ৰেড লাইট থেৰাপীয়ে৷ শুবলৈ যোৱাৰ আগে আগে ৰঙা লাইট জ্বলোৱাৰ অভ্যাস কৰিলে টোপনি দ্ৰুতভাৱে অনাৰ সহায় কৰে কোৱা হৈছে৷