পৃথিৱীৰ ভৱিষ্যৎ কি ? উত্তৰ পালে জ্যোতিৰ্বিজ্ঞানীয়ে

0
34

আমাৰ সৌৰজগতৰ পৰা প্ৰায় চাৰি হাজাৰ ২০০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত মিল্কিওৱে গেলেক্সিৰ কেন্দ্ৰত এক অদ্ভুত ধৰণৰ পাথৰৰ গ্ৰহৰ সন্ধান পাইছে জ্যোতিৰ্বিজ্ঞানীয়ে৷ এই গ্ৰহৰ ভৰ পৃথিৱীতকৈ প্ৰায় ১ দশমিক ৯ গুণ বেছি তথা ই এটা বগা বামন নক্ষত্ৰক প্ৰদক্ষিণ কৰিছে৷ বিজ্ঞানীৰ মতে এই গ্ৰহটো ভৱিষ্যতে পৃথিৱীৰ কি পৰিণতি হ’ব পাৰে, তাৰ ধাৰণা দিবলৈ সক্ষম হ’ব৷ জ্যোতিৰ্বিজ্ঞানীৰ পৰ্যবেক্ষণ অনুযায়ী সূৰ্যটো তাৰ শেষ সময়লৈ গতি কৰিলে, ই বিশাল আকাৰ ধাৰণ কৰি এটা বিশালকাৰ ৰঙা দৈত্যলৈ ৰূপান্তৰিত হ’ব আৰু এটা সময়ত পৃথিৱীক সম্পূৰ্ণভাৱে গ্ৰাস কৰি পেলাব৷ যদি পৃথিৱী তেতিয়াও ঠিকে থাকে, তেনেহ’লে ই এটা শীতল, নিৰ্জন পাথৰ গ্ৰহত পৰিণত হ’ব৷ এই কাৰণেই নতুনকৈ আৱিষ্কৃত এই গ্ৰহটো বিজ্ঞানীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে৷ এই গ্ৰহই সূৰ্যৰ বিনাশৰ পাছতো পৃথিৱীৰ সম্ভাৱ্য অৱস্থা সম্পৰ্কে তথা যোগান ধৰিব৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে নতুনকৈ আৱিষ্কৃত এই গ্ৰহাটো তাৰ কেন্দ্ৰীয় নক্ষত্ৰৰ মৃত্যুৰ আগতে এটা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰিছিল, য’ত তাপমাত্ৰা সহনীয় আছিল৷ সৌৰজগতৰ সেই বাসযোগ্য অঞ্চল বা হেবিটেবল জ’নৰ মাজত যেতিয়া আছিল গ্ৰহটো খুব গৰম বা খুব ঠাণ্ডা নহয়৷ যুক্তৰাষ্ট্ৰৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানী কেমি ঝাঙে জনোৱা মতে এই গ্ৰহটো বৰ্তমান এটা হিমায়িত পৃথিৱীৰ দৰে৷ ভৱিষ্যতে আমাৰ সূৰ্যও এটা বামন গ্ৰহত পৰিণত হ’ব আৰু পৃথিৱীও হয়তো এনে পৰিস্থিতিৰ মুখামুখি হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here