গেছৰ সমস্যা, অন্ত্ৰৰ স্বাস্থ্যৰ বাবে জঠৰ পৰিৱৰ্তনাসন কৰক

0
20

অনিয়মীয়া খাদ্যাভ্যাস, ভেজাল খাদ্য গ্ৰহণ তথা ফাষ্টফুডৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে আজিকালি গেছ, এচিডিটিৰ সমস্যাটো জীৱনৰ লগৰীৰ লেখীয়া হৈছে৷ অত্যধিক তেলত ভজা-পোৰা খাদ্য, জাংকফুড, ৰুটিনমাফিক খাদ্য গ্ৰহণ নমনা আদিয়ে এই সমস্যা দিনকদিনে বঢ়াই তুলিছে৷ বৰ্তমান সময়ত এনে ব্যক্তি নোলাব, যিজন গেছ, এচিডিটিৰ পৰা মুক্ত৷ পেটৰ গেছৰ সমস্যা, হজম শক্তি উন্নত কৰি ৰখা তথা আমি গ্ৰহণ কৰা খাদ্য খাদ্যনলীৰে অন্ত্ৰত প্ৰৱেশ কৰি হজম হোৱা প্ৰক্ৰিয়া সুচাৰুৰূপে চলি থাকিবলৈ জঠৰ পৰিৱৰ্তনাসন আসন কৰাৰ অভ্যাস কৰা আৱশ্যক৷ এই আসনে এই সকলো সমস্যাৰে সহজে সমাধানৰ পথ দিব পাৰে৷ বহুতেই এইধৰণৰ সমস্যাৰ পৰা নিৰাময় পাবলৈ ঔষধ আদি ব্যৱহাৰ কৰে যদিও দীৰ্ঘস্থায়ী সমাধানৰ বাবে নিয়মিতভাৱে জঠৰ পৰিৱৰ্তনাসন আসন কৰাৰ অভ্যাস কৰক৷ আপোনাৰ এই সমস্যাৰ পৰা সহজে সকাহ পাব৷
কিদৰে কৰিব জঠৰ পৰিৱৰ্তনাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে মানুহজন মেট বা মাটিত শুই লওক৷ লাহে লাহে তাৰ পাছত ভৰি দুখন আঁঠুলৈ কোঁচাই বেঁকা কৰি ল’ব৷ ইয়াৰ পাছত কঁকালৰ পৰা ওপৰৰ অংশ পোন কৰি লৰচৰ হ’বলৈ নিদি স্থিৰ কৰিব৷ দুই হাত ভালদৰে মেলি ধৰি ভৰি দুখন একেলগে জোৰ বান্ধি এবাৰ সোঁফালে পেটৰ সমান্তৰালভাৱে বেঁকা কৰি দিয়ক, যাতে কঁকালত অনুভৱ হয়৷ এনে সময়ত আপোনাৰ মূৰটো ইয়াৰ বিপৰীত ফালে থাকিব লাগে৷ কিছু সময় এনেদৰে থকাৰ পাছত এইবাৰ ভৰি দুখন বিপৰীত ফালে ঘূৰাই একেদৰে কৰক৷ এইদৰে দুয়োফালেৰে চাৰিবাৰমান কৰাৰ যত্ন কৰক৷ এইদৰে কৰাৰ পাছত কিছু সময়ত বিশ্ৰাম গ্ৰহণ কৰক৷ এই সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here