ভাৰতত নন্‌-এলকহলিক ফেটি লিভাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

0
31

দেশত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ কঁকাল বেঁকা কৰাৰ সময়তে এতিয়া ৰোগৰ বাবে ভৰিবলগীয়া ধনো দেশৰ বাবে হৈ পৰিছে প্ৰচণ্ড মূৰৰ কামোৰণি৷ এই কথা প্ৰকাশ পাইছে এখন প্ৰতিবেদনত৷ চৰকাৰী সংস্থাৰ তথ্য অনুসৰি দেশত চিকিৎসাত হোৱা জনমূৰি ব্যয় যথেষ্ট বৃদ্ধি পাইছে৷ নেশ্যনেল হেল্‌থ একাউণ্ট এষ্টিমেটত এই কথা উল্লেখ কৰা হৈছে৷ এক’ ইণ্ডিয়া হেল্‌থ ইঞ্চুৰেন্সে প্ৰকাশ কৰা এখন প্ৰতিবেদনতো একেধৰণৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে৷ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, দেশত এতিয়া চিকিৎসাৰ ব্যয় প্ৰতিবছৰে ১৪% হাৰত বৃদ্ধি পাইছে৷ প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে মানুহে চিকিৎসালয়ত হোৱা খৰচৰ ২৩% ধন ধাৰ লৈ পৰিশোধ কৰে৷ ৬২%খৰচ নিজৰ জেপৰ পৰা কৰে৷ ইয়াৰ ফলত পৰিয়ালবোৰত বিত্তীয় বোজা বৃদ্ধি পাবলৈ ধৰিছে৷ ৰোগৰ চিকিৎসাৰ বাবে হোৱা ব্যয় হঠাতে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবেদনখনত ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে স্বাস্থ্য সেৱাৰ পৰিসৰ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হৈছে৷ আনহাতে দেশত সুৰা সেৱন নকৰা লোকসকলৰ মাজত ফেটি লিভাৰ হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ ই গভীৰ চিন্তাৰ কাৰণ হৈ পৰিছে৷ এক তথ্য মতে দেশত প্ৰতি দহজন ব্যক্তিৰ ভিতৰত ১-৩জন ফেটি লিভাৰৰ সমস্যাত ভুগিছে৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰকাই এই কথা প্ৰকাশ কৰি কয় যে সুৰাপান নকৰা লোকসকলৰ যকৃতত চৰ্বি জমা হোৱাটো এক গুৰুতৰ লক্ষণ৷ ইয়াৰ ফলত মেদবহুলতা, বহুমূত্ৰ আৰু হদপিণ্ডৰ ৰোগৰ আশংকা বৃদ্ধি পায়৷ তেওঁৰ মতে এই ৰোগ শীঘ্ৰে চিনাক্ত কৰি চিকিৎসা কৰাৰ প্ৰয়োজন৷ এই ৰোগ প্ৰতিৰোধ কৰাৰ কাৰণে স্বাস্থ্য মন্ত্ৰ্যালয়ে পদক্ষেপ গ্ৰহণ কৰিছে আৰু চিকিৎসাৰ নীতি-নিৰ্দেশ জাৰি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here