CDSCO-ৰ মান পৰীক্ষাত ভাৰতৰ ৫০ বিধ ঔষধ ব্যৰ্থ

0
29

শেহতীয়াভাৱে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক চেণ্ট্ৰেল ড্ৰাগ্‌ছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন চমুকৈ চি ডি এছ চি অ’-এ প্ৰকাশ কৰা এখন তালিকাত দেশৰ ৫০ বিধ ঔষধে গুণগত মান পৰীক্ষা ব্যৰ্থ হৈছে৷ জ্বৰৰ ঔষধ পেৰাছিটামল ৫০০, বহুমূত্ৰ ৰোগৰ ঔষধ গ্লিমেপিৰাইড, উচ্ছ ৰক্তচাপৰ টেলমিচাৰ্টানকে ধৰি কেইবাবিধো ঔষধ এই পৰীক্ষা ব্যৰ্থতা প্ৰদৰ্শন কৰে৷ চি ডি এছ চি অ’ৰ নিজৰ ৱেবছাইটত এই কথা প্ৰকাশ কৰিছে৷ এই ঔষধবোৰৰ মান পৰীক্ষা কৰা হৈছে যোৱা আগষ্ট মাহত৷ অৰ্গেনাইজেশ্যনৰ তালিকাত উল্লেখ কৰা অনুসৰি ৫০ বিধতকৈও অধিক ঔষধে এই মান পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে৷ উল্লেখ্য যে চি ডি এছ চি অ’ৱে প্ৰতিমাহত ঔষধৰ মান পৰীক্ষা কৰে৷ যোৱা জুনত কৰা পৰীক্ষাত পেৰাছিটামলকে ধৰি ৫২ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পৰা গৈছিল৷ উল্লেখ্য যে এই ঔষধসমূহ প্ৰস্তুত কৰে এলকম হেলথ কেয়াৰ ইউনিট-২, মেজ লাইফছায়েন্সেজ, মেছাৰ্ছ পিয়ৰ এণ্ড কিয়ৰ হেলথ কেয়াৰ প্ৰাইভেট লিমিটেড, মেছাৰ্ছ স্কট এডিল লিমিটেড কোম্পানীয়ে৷ আনহাতে কলকাতাৰ এটা ঔষধ পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ পৰা এলকম হেলথ ছায়েন্সেজৰ এণ্টিবায়’টিক ক্লেভাম ৬২৫ আৰু পানডি নকল বা ভেজাল বুলি জানিব পৰা গৈছে৷ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এটা নিৰ্দেশত এনাইলেজ, প্ৰটিয়েজ, গ্লুকোএমাইলেজ, পেক্টিনেজ, আলফা গেলেক্ট’চিজেড, লেক্টেজ, বিটা গ্লুকনেজ, লাইপেজ, ব্ৰমেলেন, জাইলেনছ আদিৰ ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰিব বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here