৮০ হাজাৰ বছৰত পাছত দেখা যাব মহাজাগতিক বিস্ময়

0
33

৮০ হাজাৰ বছৰ আগতে পৃথিৱীত ইয়াক দেখা পোৱা গৈছিল৷ সেয়াই আছিল ইয়াক দেখা শেষবাৰ৷ ইয়াক এই মাহত পুনৰ দেখা যাব পৃথিৱীত৷ ৮০ হাজাৰ বছৰৰ পাছত পুনৰ ইয়াৰ দেখা সৌভাগ্য হ’ব পৃথিৱীৰ৷ মাত্ৰ চাৰিদিনৰ বাবে সূৰ্য উঠাৰ আগতে ই মানুহৰ চকুত ধৰা দিব৷ এই চাৰিদিনৰ ভিতৰত যদি দেখাৰ সুযোগ নিমিলে তেনেহ’লে এই সুযোগ হাতৰ পৰা পুনৰ হেৰুৱাব৷ পুনৰ কিমানদিনৰ মাজত ইয়াক ক’ৰ পৰা কেতিয়া দেখা যাব সেইটো অৱশ্যে অজানা৷ বিজ্ঞানীয়ে জনোৱা মতে শুচিনচান এটলাছ নামৰ এই ধূমকেতুটো এবাৰ সম্পূৰ্ণ প্ৰদক্ষিণৰ সময় লয় ৮০ হাজাৰ বছৰ৷ যাৰ ফলত ই সূৰ্যৰ কাষ অৱস্থান কৰে৷ শুকুৰবাৰে ইয়াৰ অৱস্থান সূৰ্যৰ একেবাৰে কাষত কৰিব৷ এটা উজ্জ্বল নক্ষত্ৰৰ দৰে পিছফালে উজলি উঠা এডাল নেজ৷ ধূমকেতুৰ দৰে ইয়াকো দেখি৷ মানুহে সাধাৰণতে হেলিৰ ধূমকেতুৰ বিষয়ে জানো যদিও এই ধূমকেতুটোৰ বিষয়ে অজ্ঞ৷ বিজ্ঞানীয়ে জনোৱা মতে গত ১০ অক্টোবৰৰ পৰা সন্ধিয়া আকাশত ইয়াক দেখা পোৱা যাব৷ সূৰ্য অস্ত যোৱাৰ পাছতে পশ্চিম আকাশত তলৰ অংশত ইয়াক দেখা পোৱা যাব৷ এই নিৰ্দিষ্টকেইদিন দেখাৰ পাছত পুনৰ অন্তৰ্ধান হৈ পৰিব এই ধূমকেতুটো৷ পুনৰ ৮০ হাজাৰ বছৰৰ অন্তত ইয়াক দেখাৰ সুযোগ মিলিব পৃথিৱীবাসীৰ৷ অৱশ্যে তেতিয়া মানৱ সভ্যতা কি হ’ব সেই কথা আজিয়েই কোৱা সম্ভৱ নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here