১২ বছৰ কম সময় নহয়৷ সম্পূৰ্ণ বাৰটা বছৰ পাৰ হোৱাৰ পাছত হঠাতে নীলা হৈ পৰিল গোটেই পাহাৰখন৷ প্ৰকৃতিৰ কি যে অপৰূপ লীলা৷ এই পাহাৰখনৰ নামত জড়িত হৈ আছে নীলা ৰঙৰ ৰহস্য৷ পাহাৰখন এই অপৰূপ দৃশ্য অৰ্থাৎ পাহাৰখন সম্পূৰ্ণ নীলা দেখিবলৈ মানুহে অপেক্ষা কৰিব লাগে ১২ বছৰ৷ অকল স্থানীয় লোকেই নহয়, বিদেশী পৰ্যটকেও খবৰ ৰাখে এই বিশেষ সময়খিনিৰ– কেতিয়া নীলা হৈ পৰে পাহাৰখন৷ প্ৰকৃতিৰ এই অস্বাভাৱিক অপৰূপ সৌন্দৰ্য তথা প্ৰকৃতিৰ এই পৰিৱৰ্তনে মন ভৰাই তোলে মানুহৰ৷ উল্লেখ যে এই পাহাৰৰ গছৰ ১২ বছৰ পাছত ফুলে ফুল৷ নাম নীলকুৰিঞ্জি ফুল৷ ফুল ফুলাৰ সময়ত পাহাৰখন ক’তো খালী ঠাই নাথাকে৷ যিফালে চোৱা হয় সকলোফালে কেৱল নীলা ফুল৷ ইয়াৰ নাম অনুসৰিয়েই এই পাহাৰখনৰ নাম নীলগিৰি৷ দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰৰ নাম প্ৰায়সকলেই জানে আৰু শুনিছে৷ এই নীলগিৰি পাহাৰখন প্ৰতি ১২ বছৰ অন্তৰে অন্তৰে সম্পূৰ্ণ নীলা হৈ পৰে আৰn প্ৰতি বাৰ বছৰত যেন উৎসৱ আৰম্ভ হয়৷ ১২ বছৰৰ মূৰে মূৰে প্ৰকৃতিৰ খেয়াল অনুসৰিয়েই ইয়াৰ ফুল ফুলে, যাৰ বাবে গোটেই পাহাৰখন নীলা দেখি৷ তামিল ভাষাত নীলা মানে নীল আৰু কুৰিঞ্জি মানে ফুল৷ এই দুয়োটা মিলি নীলকুৰিঞ্জি হৈছে৷ এই ফুল ফুলাৰ সময়ত ইয়ালৈ মানুহৰ সোঁত ব’বলৈ আৰম্ভ কৰে৷ অৱশ্যে এই সময়খিনিত বন বিভাগে পাহাৰখন কঠোৰ নজৰত ৰাখে৷ যাতে ফুলবোৰৰ কোনো অনিষ্ট কৰিব নোৱাৰে৷