সমগ্ৰ বিশ্বই শুনা এই ৰহস্যময় শব্দৰ উৎস কি?

0
1

হঠাতে কাণত পৰিল এক বিকট শব্দ৷ কঁপি উঠিল পৃথিৱী৷ শুনিলেই বুজা যায় এক ৰহস্যময়ী শব্দ৷ অনুমান কৰিলে সকলোৱে এই শব্দৰ উৎস বা ক’ৰ পৰা ভাহি আহিছে এনে বিকট শব্দ৷ কি কাৰণত সৃষ্টি হৈছে এই শব্দৰ আদি৷ কোনোৱে ভাবিলে এই ৰহস্যময়ী শব্দ এলিয়েনৰ নহয়তো৷ মুঠতে এই শব্দৰ উৎসক লৈ বিভিন্ন জল্পনা-কল্পনা আৰম্ভ হ’ল৷ সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত শুনা গ’ল এই ৰহস্যময় শব্দটো ৷ অৱশেষত বিজ্ঞানীয়ে অনুসন্ধান কৰিলে শব্দ উৎস বিচাৰি৷ আৰম্ভ হ’ল শব্দৰ উৎসৰ খোজৰ৷ অনুসন্ধান কৰি পোৱা গ’ল গ্ৰীনলেণ্ডৰ পূৰ্ব প্ৰান্তৰ পৰা এটা বস্তুৰ পৰা আহিছে এই ৰহস্যময় শব্দটো৷ বৈজ্ঞানিক পৰিভাষাত ইয়াৰ নাম Fjord৷ এইটো মানেনো কি? কোনো হিমবাহ, এণ্টাৰ্কটিকা, আৰ্কটিক তথা উত্তৰ বা দক্ষিণ গোলাৰ্ধৰ শেষ প্ৰান্তৰৰ বৰফেৰে আবৃত এলেকাত এই ঘটনা ঘটিব পাৰে৷ উল্লেখ্য যে হিমবাহ ঘৰ্ষণৰ ফলত ইউ আকৃতিৰ উপত্যকাৰ সৃষ্টি হয়৷ যেতিয়া সমুদ্ৰ প্লাৱিত হৈ এই অংশত প্ৰৱেশ কৰে, তেতিয়া ইয়াক Fjord বোলে৷ সম্প্ৰতি ছায়েন্স জাৰ্নালত প্ৰকাশিত এটা গৱেষণাত এই কথা প্ৰকাশিত হৈছে৷ উক্ত প্ৰতিবেদনত কোৱা হৈছে যে এই অঞ্চলৰ হিমবাহৰ ক্ষমতা কেইবাবছৰ ধৰি ক্ৰমাগত কমি থাকে৷ যাৰ কাৰণে ডাঙৰ ডাঙৰ বৰফৰ পাহাৰবোৰ ধবংস হৈ যাবলৈ ধৰিছে৷ এই ধবংসপ্ৰাপ্ত তথা অৱক্ষয়ৰ ফলতে কম্পনৰ সৃষ্টি হয়, যি গোটেই বিশ্বই শুনিবলৈ পায়৷ এই কম্পন যি তৰংগৰ ফলত আৰম্ভ হৈছে তাৰ নাম বৈজ্ঞানিক পৰিভাষাত ছিচমিক তৰংগ৷ উল্লেখ্য যে প্ৰথমাৱস্থাত বিজ্ঞানী মহলে এই কম্পনৰ কাৰণ হিচাপে ইলিয়েনৰ হাত আছে বুলি ধৰিছে যদিও ইয়াক লৈ বহু পৰীক্ষা-নিৰীক্ষা আৰম্ভ হয়৷ গৱেষণাৰ পৰা পাছত জানিব পাৰে যে এই ৰহস্যময়ী শব্দ আহিছে গ্ৰীনলেণ্ডৰ পৰা৷ বিজ্ঞানীয়ে আশ্বাস প্ৰদান কৰে যে ভয়ৰ কোনো কাৰণ নাই৷ কিয়নো এই ৰহস্যময় শব্দৰ আঁৰত আছে প্ৰাকৃতিক কাৰণ আৰু এই ঘটনা ভৱিষ্যতেও হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here