এই হৰমন থাকিলে সংগীক চুম্বকৰ দৰে আকৰ্ষণ কৰে

0
44

শৰীৰৰ হৰমনৰ ভাৰসাম্য বৰ্তাই ৰখাটো অতিকে আৱশ্যক৷ বিভিন্ন প্ৰকাৰৰ হৰমনৰ শৰীৰৰ বাবে প্ৰয়োজনীয় দিশবোৰ বেলেগ বেলেগ৷ আমাৰ মাজতে এনে কিছু জনপ্ৰিয় লোক থাকে, যিজনে অবিহনে কোনো আড্ডা অথবা কোনো ক্ষেত্ৰতে আনন্দ-স্ফূৰ্তি পোৱা নাযায়৷ এনেধৰণৰ মুকলিমূৰীয়া তথা সকলোকে আনন্দ দিব পৰা লোক বন্ধু মহলত এজনেই যথেষ্ট আৰু তেৱেঁই নিজৰ ব্যক্তিত্বৰ জৰিয়তে সকলোকে আকৰ্ষিত কৰি ৰাখিব পাৰে৷ আনকি ঘৰ, বাহিৰ, বন্ধু মহল তথা ইষ্ট-কুটুম্ব সকলোতে তেনে লোক প্ৰিয়পাত্ৰ হৈ পৰে৷ তেনে ব্যক্তিক এই সকলোবোৰ সহজে হৈ উঠাত সহায় কৰে তেওঁৰ দেহত থকা হৰমনৰ উপস্থিতিৰ বাবে৷ সংগীক মেগনেটৰ দৰে আকৰ্ষিত কৰিব পৰা গুণৰ অধিকাৰী কৰি তোলে এই হৰমনবিধে৷ সাধাৰণতে পুৰুষৰ দেহত এই হৰমন অত্যধিক পৰিমাণে থাকে৷ উল্লেখ্য যে আমাৰ মাজতে এনে এজন ব্যক্তি থাকে, যিজনে সকলো সময়তে আনক হঁহুৱাব পাৰে, স্ফূৰ্তি দিব পাৰে৷ এইধৰণৰ লোকে বেছিভাগ সময় তেওঁলোকৰ সংগী তথা বন্ধু-বান্ধৱীৰ সৈতে হাঁহি-ধেমালি কৰি থাকে৷ সদায় হাঁহিৰ খোৰাক যোগাব পৰা আনৰ দুখতো এধানি হাঁহি বিৰিঙাব পাৰে৷ আনহাতে এনে কিছু লোকো আছে, যিসকলে সকলো দিশে ভাল থকা সত্ত্বেও হাঁহিব নাজানে বা আনক হঁহুৱাব নোৱাৰে৷ এনে লোকে দীৰ্ঘকাল সংগীৰ সৈতে দেখা-সাক্ষাৎ হ’লেও স্বাভাৱিক আচৰণ কৰে৷ সেয়ে আমি জনাটো দৰকাৰ যে কোন হৰমনে আনন্দিত তথা প্ৰফুল্লিত কৰি ৰাখে৷ আমি জনা উচিত যে ছেৰোটনিন হৰমন শৰীৰৰ ভাল তথা বেয়া মেজাজৰ বাবে দায়ী৷ যেতিয়া চেৰোটনিন হৰমন নিঃসৃত হয়, তেতিয়া মেজাজ সতেজ তথা শান্ত থাকে৷ আনহাতে চেৰোটনিনৰ অভাৱ হ’লে মন-মেজাজ ভাঙি পৰে৷ একোতে মন নবহা হয়৷ মন অশান্ত হৈ পৰে৷ সেয়ে দেহত চেৰোটনিন বঢ়াবলৈ নিয়মিতভাৱে যোগ তথা ধ্যানৰ সহায় ল’ব পাৰে৷ আনহাতে অক্সিটোনিনে শৰীৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অক্সিটোনিনক প্ৰেমৰ হৰমন বুলিও জনা যায়৷ মনত আনৰ প্ৰতি ভালপোৱা তথা প্ৰেমৰ ভাব জাগি উঠিবলৈ ভাল অনুভূতি থাকিবলৈ এই হৰমনৰ প্ৰয়োজন৷ সংগীৰ সৈতে সুখময় জীৱন বা আপোনাৰ সংগীক আনন্দ বা খুচি কৰি ৰাখিবলৈ অক্সিটোনিনৰ ওপৰত নিৰ্ভৰ কৰে৷ আনহাতে ডোপামিন হৰমন নিঃসৃত হয়, যেতিয়া এজন ব্যক্তিয়ে কোনো বঁটা-বাহন, পুৰস্কাৰ পাবলৈ সক্ষম হয়৷ কোনো এজন ব্যক্তি যদি নিজৰ সাফল্যত আনন্দ তথা সুখী হয়, তেনেহ’লে সেই সময়ত ডোপামিন হৰমনে ক্ৰিয়া কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here