মেৰুদণ্ড নমনীয় তথা সবল কৰিবলৈ সৰ্পাসন কৰক

0
3

সুস্থ তথা নিৰোগী শৰীৰৰ বাবে নিয়মিত যোগব্যায়াম অথবা শৰীৰচৰ্চা কৰাটো অতি প্ৰয়োজন৷ যোগে শৰীৰ সুস্থ তথা সবল কৰাত সহায় কৰে৷ মনটো চাপমুক্ত কৰি ৰাখি টোপনিৰ কাৰণে নিজতে প্ৰস্তুত কৰি তুলিবলৈ কিছুমান যোগ কৰিব পাৰে৷ আনহাতে এনে এবিধ যোগ আছে, যি নিয়মিতভাৱে কৰাৰ অভ্যাস কৰিলে বুকু, কান্ধ, মুখ, গল, পেট তথা পিঠি আৰু মেৰুদণ্ডৰ ওপৰত চাপ সৃষ্টি হৈ শৰীৰৰ এই ঠাইত স্নায়ুতন্ত্ৰ আৰু পেশী সতেজ আৰু সক্ৰিয় কৰি ৰখাত সহায় কৰে৷ আনহাতে এই আসন কৰিলে পেটৰ চৰ্বি কমোৱাত, মেৰুদণ্ডৰ হাড়ৰ জোৰা নমনীয় কৰি তোলা তথা মেৰুদণ্ড শক্তিশালী আৰু সবল হোৱাৰ সহায় কৰে৷ এই আসনবিধৰ নাম হ’ল ভুজংগাসন বা সৰ্পাসন৷ সেয়ে মেৰুদণ্ড সবল কৰি ৰাখিবলৈ দৈনিক সৰ্পাসন কৰাৰ অভ্যাস কৰক৷
কিদৰে কৰিব সৰ্পাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে আপুনি মাটিত তলমুৱাকৈ শুই লওক৷ ভৰি দুখন যিমান দূৰ পাৰে মেলি দিয়ক আৰু আঙুলিত ভৰ দি ভৰিৰ পতা দুখন মেলি ধৰক৷ এতিয়া হাত দুখন পিঠিৰ ফালে আনি হাতৰ তলুৱা দুখন মুঠি মাৰি ধৰি ভৰ দিয়ক আৰু মূৰটো ওপৰলৈ তোলাৰ চেষ্টা কৰক৷ এনে অৱস্থাত বুকুখনো যাতে মূৰৰ সমানে ওপৰলৈ উঠোৱাৰ যত্ন কৰক৷ শ্বাস-প্ৰশ্বাস স্বাভাৱিক ৰাখি এই অৱস্থানত ২০-৩০ ছেকেণ্ড ৰৈ দিব৷ তাৰ পাছত লাহে লাহে মূৰ আৰু বুকু নমাই আনি মাটিত শুই দিব৷ এইদৰে দুবাৰমান কৰি প্ৰয়োজনমতে শবাসনত বিশ্ৰাম লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here