পৃথিৱীক প্ৰদক্ষিণ কৰি আছে ‘ক্ষুদ্ৰ চন্দ্ৰ’ই

0
12

আকাশত এতিয়া জোনবাইৰ লগতে এটা সৰু চন্দ্ৰৰ উপস্থিতি ধৰা পেলাইছে বিজ্ঞানীয়ে৷ এই ক্ষুদ্ৰ চন্দ্ৰটোৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিক অধিক ভালদৰে বুজাত সহায় কৰিব৷ এই সৰু চন্দ্ৰটো আচলতে এটা গ্ৰহাণু৷ যোৱা আঠ আগষ্টত এই গ্ৰহাণুটো আৱিষ্কাৰ কৰা হৈছিল৷ ইয়াৰ ব্যাস প্ৰায় দহ মিটাৰ৷ যোৱা ৯ ছেপ্টেম্বৰৰ পৰা এই গ্ৰহাণুটোৱে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে৷ অনাগত ৭৭ দিন এই গ্ৰহাণুটোক আকাশত চন্দ্ৰৰ লগতে দেখা পোৱা যাব৷ আনহাতে অহা ২৫ নৱেম্বৰত এই গ্ৰহাণুটো পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ আওতাৰ পৰা বাহিৰ হৈ পুনৰ সূৰ্যক পৰিভ্ৰমণ কৰিব৷ গ্ৰহাণুটোৱে চন্দ্ৰৰ দৰেই পৃথিৱীক পৰিভ্ৰমণ কৰি থকাৰ কাৰণে ইয়াৰ নাম সৰু চন্দ্ৰ বা মিনি মুন দিয়া হৈছে৷ ইয়াৰ গতিবেগ নিচেই কম৷ সেয়েহে অহা দুমাহত এই গ্ৰহাণুটো পৃথিৱীক সম্পূৰ্ণৰূপে এপাক মাৰিব নোৱাৰিব৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ২০২৪ পি টি ৫ নাম দিয়া এই গ্ৰহাণুটোৱে ২৫ নৱেম্বৰত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ আওতাৰ পৰা মুক্ত হ’ব৷ এই গ্ৰহাণুটো খালী চকু বা দূৰবীণেৰে দেখা পোৱা নাযায়৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে এই গ্ৰহাণুটোৰ অধ্যয়নে মহাকাশত ঘূৰি ফুৰা আন গ্ৰহাণুৰ বিষয়ে জনাত সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here