ইছৰ’ৰ শুক্ৰ গ্ৰহ অভিযানৰ বাবে প্ৰস্তুতি

0
5

ভাৰতে মঙল আৰু চন্দ্ৰ অভিযানত সফলতা লাভ কৰাৰ পাছত এইবাৰ শুক্ৰ গ্ৰহত অভিযান চলাবলৈ প্ৰস্তুতি চলাইছে৷ উল্লেখ্য যে ইয়াৰ অধীনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰ’ৱে শুক্ৰ গ্ৰহলৈ ভেনাছ অৰ্বিটাৰ মিছন বা ভি অ’ এম প্ৰেৰণ কৰিব৷ এই যানখনে গ্ৰহটোক প্ৰদক্ষিণ কৰি ইয়াৰ বায়ুমণ্ডল, তাপমাত্ৰা, পৃষ্ঠভাগ আৰু বতৰৰ বিষয়ে অধ্যয়ন কৰিব৷ উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত শুক্ৰ গ্ৰহত প্ৰথমটো অভিযানত অনুমোদন জনোৱা হ’ব৷ শুক্ৰ গ্ৰহত অভিযান চলাবৰ বাবে প্ৰস্তুত কৰা যানখন নিজৰ কক্ষপথত থাকি প্ৰদক্ষিণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ’ব৷ বিভিন্ন গৱেষণা তথা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে শুক্ৰ গ্ৰহটো এসময়ত বাসোপযোগী আছিল৷ সেয়ে এই বাসোপযোগী গ্ৰহটোৱে কেনেদৰে পৰিৱৰ্তন হৈ বৰ্তমানৰ অৱস্থা পালে, সেয়াও যানখনে নিৰীক্ষণ কৰিব৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা শুক্ৰ গ্ৰহ অভিযান সন্দৰ্ভত কয় যে উক্ত যানখন ২০২৮ চনৰ মাৰ্চত গ্ৰহটোলৈ উৎক্ষেপণ কৰা হ’ব৷ কিয়নো এই সময়খিনিত গ্ৰহটোৱে পৃথিৱীৰ কাষ চাপিব৷ উল্লেখ্য যে উক্ত অভিযানটোৰ বাবে কেন্দ্ৰীয় কেবিনেটে ১২৩৬ কোটি টকা ধাৰ্য কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here