দীৰ্ঘস্থায়ী পিঠিৰ বিষ নিৰাময়ৰ বাবে আধোমুখ স্বনাসন কৰক

0
3

মনটো শান্ত তথা সুস্থ হৈ থাকিলেহ আমাৰ শৰীৰটোৱেও ৰোগ-ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰে৷ মনৰ জোৰ থাকিলে কোনো ৰোগে আমাক সহজে আক্ৰমণ কৰিব নোৱাৰে৷ মনোবল সবল কৰি ৰাখিবলৈ তথা শাৰীৰিক সুস্থতাৰ বাবে ব্যস্ততাপূৰ্ণ জীৱনত অকণ সময় উলিয়াই যোগব্যায়াম কৰাটো সকলোৰে দায়িত্ব তথা কৰ্তব্য হোৱা উচিত৷ আমাৰ মাজৰে বহুতৰে ক্ষেত্ৰত কিছুমান বেমাৰে এনেদৰে থিতাপি লয় যে সেই বেমাৰ নিৰ্মূল কৰা কঠিন হৈ পৰে৷ যিমানে দিন বাগৰে সিমানে তেনে পুৰণি ৰোগে বেছিকৈয়ে শিপাবলৈ লয়৷ যাৰ বাবে মানুহজন চিৰৰুগীয়া হৈ পৰে বা ইয়াৰ পৰিত্ৰাণৰ উপায় বিচাৰি নাপায়৷ তেনে বেমাৰবোৰৰ ভিতৰত দীৰ্ঘদিন হৈ থকা পিঠিৰ বিষ অন্যতম৷ কেতিয়াবা চিকিৎসা কৰিলেও কোনো সুফল পোৱা নাযায় এইধৰণৰ পিঠিৰ বিষৰ৷ সেয়ে দীৰ্ঘস্থায়ী হিচাপে হোৱা পিঠিৰ বিষ নিৰাময়ৰ বাবে আধোমুখ স্বনাসন যোগ কৰিব পাৰে৷ নিয়মিতভাৱে এই যোগ কৰাৰ অভ্যাস কৰিলে পিঠিৰ বিষৰ পৰা উপশম পাব পাৰে৷ ইয়াৰ লগতে এই আসন কৰিলে হেমষ্ট্ৰিং আৰু ভৰিৰ পেশীক শক্তিশালী কৰাত সহায় কৰে৷ যিসকলে দৈনিক দৌৰে বা মাৰাথন কৰে, তেওঁলোকৰ কাৰণে অতি উত্তম এই আসন৷
কিদৰে কৰিব আধোমুখ স্বনাসন ঃ- এই আসন কৰিবলৈ প্ৰথমে তলমুৱাকৈ মাটিত শুই লওক৷ তাৰ পাছত সূৰ্য প্ৰণাম কৰা লেখীয়া দুই ভৰিৰ মাজত কিছু ব্যৱধান ৰাখি হাত দুখন আগফাললৈ কৰি ভৰ দি লাহে লাহে শৰীৰৰ মাজ অংশ ওপৰলৈ উঠাই দিব৷ ভৰিৰ তলুৱাত ভৰ দি সন্মুখৰ ফাললৈ প্ৰসাৰিত কৰক৷ মনত ৰাখিব এই সময়ত বা ভংগীত নিতম্ব যাতে পৰ্বতৰ ভি আকৃতিৰ ৰূপ লৈ ওপৰৰ দিশে উত্তোলিত হৈ থাকে৷ এইদে ৩০ ছেকেণ্ড শ্বাস লওক আৰু এইদৰে ৰৈ পাছত আগৰ ভংগীলৈ উভতি আহক৷ এই প্ৰক্ৰিয়াটো প্ৰায় তিনিবাৰমান কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here