প্লাষ্টিকৰ বৰ্জ্য ৰিচাইক্লিঙেৰে পণ্য ৰপ্তানিৰ দ্বাৰা স্বাৱলম্বন সম্ভৱ

0
2

প্লাষ্টিকৰ বৰ্জ্য তথা প্লাষ্টিকজাতীয় সামগ্ৰীয়ে মানৱ জীৱনত যথেষ্ট কুপ্ৰভাৱ পেলাইছে৷ মানৱ জীৱন বিভিন্ন ৰোগৰ প্ৰধান কাৰণ হৈছে এই বৰ্জ্য প্লাষ্টিক৷ দিনক দিনে এই প্লাষ্টিকজাতীয় সামগ্ৰীৰ ইমানেই ব্যৱহাৰ হৈ আহিছে যে ইয়াক ৰোধ কৰাটো সম্ভৱ হৈ থকা নাই৷ প্লাষ্টিক ব্যৱহাৰ কৰি পেলাই দিয়া এইধৰণৰ পেলনীয়া বস্তুবোৰে পৰিৱেশত ওপৰত ভীষণভাৱে প্ৰভাৱ পেলাইছে৷ আজিৰ দিনত সামান্য এজাক বৰষুণ দিয়াৰ পাছত ৰাস্তা-ঘাটবোৰ প্লাষ্টিকৰ বৰ্জ্যৰে ভৰি পৰে৷ য’ত নাগৰিকৰ স্বাভাৱিক জীৱনযাত্ৰা তথা চলাচলতো স্থবিৰতা আহে৷ প্লাষ্টিকৰ এই বৰ্জ্য সঠিক ব্যৱস্থাপনাৰ মাধ্যমেৰে ইয়াক ৰিচাইক্লিং কৰিলে প্লাষ্টিকৰ প্ৰদূষণৰ পৰা ৰক্ষা পৰাৰ লগতে ইয়াৰ ৰপ্তানিৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰো পথ মুকলি হ’ব৷ বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে প্লাষ্টিকৰ এই বৰ্জনীয় পদাৰ্থক ৰিচাইক্লিঙৰ দ্বাৰা পণ্য উৎপাদন কৰি সেইবোৰ বিদেশলৈ ৰপ্তানিৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰা সম্ভৱ৷ অৱশ্যে এই ক্ষেত্ৰত চৰকাৰৰো কৰণীয় যথেষ্ট আছে৷ চৰকাৰৰ ফালৰ পৰা ব্যৱসায়ীসকলৰ উৎসাহ দিয়ে নিশ্চয় ফলপ্ৰসূ হৈ উঠাৰ আশা কৰিব পাৰি৷ উল্লেখ্য যে ছিংগাপুৰত প্লাষ্টিকৰ বটলক যেন স্বৰ্গ নিৰ্মাণৰ উপকৰণত পৰিণত কৰা হৈছে৷ দৈনিক তাত দুই হাজাৰ ট্ৰাকলৈ প্লাষ্টিকৰ বৰ্জ্য সংগ্ৰহ কৰা হয়৷ তাৰ পাছত সেইবোৰ জমা কৰি বাংকাৰত পেলাই দিয়া হয়৷ পৰৱৰ্তী সময়ত বৰ্জ্য ভস্মীকৰণ চুলা সেইবোৰ দি পুৰি তাৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়৷ আনকি প্লাষ্টিকৰ বৰ্জ্যবোৰ পুৰি পোৱা ছাইবোৰৰ জৰিয়তে চিমেণ্টৰ সৈতে মিহলাই পৰিৱেশ অনুকুল ইটা প্ৰস্তুত কৰা হয়৷ বিশ্বজুৰি খাদ্য, ঔষধ, প্ৰসাধনী আৰু প্ৰযুক্তি পণ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰ ভাবিব নোৱৰা ধৰণে হৈ আহিছে৷ ইয়াৰ ফলত দূষিত হৈছে সমুদ্ৰ আৰু প্ৰকৃতি৷ সেয়ে বহুলভাৱে ব্যৱহূত এই প্লাষ্টিকৰ বৰ্জ্য ৰিচাইকল পদ্ধতিৰ জৰিয়তে কামত খটুৱাই পৱিৱেশ তথা পৰিস্থিতিতন্ত্ৰক বজোৱাৰ চিন্তা কৰা অতি জৰুৰী হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here