মহিলাৰ মাহেকীয়াৰ যন্ত্ৰণা নিৰাময়ৰ বাবে ত্ৰিকোনাসন কৰক

0
2

শৰীৰ আৰু মনৰ স্বাস্থ্য অটুট ৰাখিবলৈ আমি দৈনন্দিন পুৱা বা গধূলি কিছু আসন কৰাটো অতি জৰুৰী৷ অকল শাৰীৰিক স্বাস্থ্যৰ বাবেই নহয়, মনৰ স্বাস্থ্যৰ বাবে যোগ হৈছে উত্তম উপায়৷ যোগব্যায়ামে আমাৰ মন প্ৰফুল্লিত কৰি ৰখাত সহায় কৰে৷ মনত ৰাখিব মন ভালে থাকিলে আপোনাৰ সহজে বেলেগ ৰোগে আক্ৰমণ কৰিব নোৱাৰে৷ সেয়ে মন তথা শৰীৰ ভালে ৰাখিবলৈ আমি যোগব্যায়াম অভ্যাস কৰাটো উচিত৷ এটা কথা মন কৰিব যে বিভিন্ন প্ৰকাৰৰ যোগৰ উপকাৰিতা বেলেগ বেলেগ৷ মহিলাসকলৰ ক্ষেত্ৰত দেখা যায় যে প্ৰায়ভাগ মহিলাৰে মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ, যন্ত্ৰণা আদি হয়৷ বিভিন্ন ঔষধ তথা চিকিৎসা কৰিলেও সুফল নাপায়৷ সেয়ে এই অসুবিধা দূৰ কৰিবলৈ নিয়মিতভাৱে ত্ৰিকোনাসন কৰিলে সহজে সুফল লাভ কৰিব পাৰে৷ ত্ৰিকোনৰ অৰ্থ হ’ল তিনিকোণ৷ অৰ্থাৎ এই আসন কৰিলে শৰীৰৰ ভংগী এনে হ’ব লাগে যাতে দেখাত ত্ৰিভুজৰ দৰে হয়৷ আনহাতে এই আসনে দেহৰ ভাৰসাম্য ধৰি ৰখাত বিশেষভাৱে সহায় কৰে৷ ইয়াৰ উপৰি ত্ৰিকোনাসনে ভৰি, পিঠি, কঁকাল আদিৰ লগতে কান্ধ, বাহু আদিৰ পেশী মজবুত কৰাত সহায় কৰে৷ হজম সংক্ৰান্তীয় সমস্যা থাকিলে এই আসন কৰিলে সুফল পোৱা যায়৷ নিয়মিতভাৱে এই আসন কৰিলে অষ্টিঅ’পৰোছিছ, ছাইটিকাৰ সমস্যা নিয়ন্ত্ৰণত সহায় কৰে৷
কিদৰে কৰিব ত্ৰিকোনাসন ঃ- এই আসন কৰিবলৈ আপুনি প্ৰথমে সম্পূৰ্ণ থিয় হৈ ল’ব৷ তাৰ পাছত দুয়োখন ভৰি মেলি দিব৷ মনত ৰাখিব এখন ভৰি যাতে অলপ বেছি মেল খায়৷ ইয়াৰ পাছত মানুহজন লাহে লাহে হাউলি দিব৷ কঁকালৰ পৰা ওপৰৰ অংশ যিকোনো এটা ফাল ৩০ ডিগ্ৰী কোণত ৰাখিব৷ এবাৰ যদি সোফাঁলেৰে কৰে আনবাৰ বাওঁফালেৰে কৰক৷ এতিয়া এই ভংগীতে হাত দুখন সম্পূৰ্ণকৈ মেলি দিব৷ এনে কৰিলে এখন হাত মাটিত ভেঁজা দি স্পৰ্শ কৰক আৰু আনখন ওপৰৰ ফালে উঠাই দিব৷ এনে অৱস্থাত ভৰি দুখন দেখাত ত্ৰিভুজ এটাৰ দৰে দেখিব৷ আনহাতে মাটিত স্পৰ্শ কৰি থকা হাতখন আৰু ভৰিৰ মাজতো যেন এটা ত্ৰিভুজৰ আকাৰ লয়, তেনে অৱস্থাত থাকক৷ এইদৰে কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here