দাঁতৰ সিৰসিৰণি পৰিত্ৰাণৰ এইবোৰ ঘৰুৱা উপায়

0
16

দাঁত দুপাৰিয়ে গোটেই মুখমণ্ডলৰ সৌন্দৰ্য ফুটাই তোলে৷ দুপাৰি উজ্জ্বল, বগা, চিকচিকীয়া দাঁতৰ অধিকাৰী হ’বলৈ সকলোৱে যত্ন কৰোঁ৷ তাৰ বাবে দাঁতৰ বিভিন্ন যতন লোৱাও দেখা যায়৷ দাঁতৰ সুন্দৰতা অটুট ৰাখিবলৈ লগতে পোকৰ পৰা [আচলতে দাঁতৰ ৰোগ] বচাই ৰাখিবলৈ সকলো ধৰণৰ যত্ন লওঁ৷ দাঁত ভালে ৰাখিবলৈ দামী টুথপেষ্ট ব্যৱহাৰ কৰা, দন্ত চিকিৎসকৰ ওচৰলৈ নিয়মিত যোৱা আদি কামবোৰ প্ৰায়ভাগে কৰে৷ যদি আপুনি দাঁত ভালে ৰাখিব বিচাৰিছে, তেন্তে মাত্ৰ এটা ঘৰুৱা বিধান পালন কৰিব পাৰে৷ উক্ত নিয়ম মানি চলিলে আপোনাৰ দাঁত উজ্জ্বল, সুন্দৰ হোৱাৰ লগতে ৰোগমুক্ত গৈ থাকিব৷ ইয়াৰ বাবে লগা উপাদানটো হ’ল আমাৰ চাৰিওফালে সহজতে পোৱা তেজপাত৷ আমি জনাত তেজপাত অকল ৰন্ধন কাৰ্য ব্যৱহাৰ কৰা হয় যদিও তেজপাতত থকা প্ৰাকৃতিক উপাদানে দাঁত মজবুত, চকচকীয়া কৰি তুলিব পাৰে৷ কিদৰে তেজপাতে দাঁত চিকচিকীয়া, সুন্দৰ কৰে, জানো আহক৷
দাঁতৰ কাৰণে তেজপাত উপকাৰী৷ কেঁচা বা শুকান যিকোনোধৰণৰ চাৰিটামান তেজপাতৰ লগত সমপৰিমাণৰ নেমুৰ পাত, লগতে মুখৰ দুৰ্গন্ধৰ সমস্যা থাকিলে ২-৩টামান লং লওক৷ প্ৰথমে তেজপাতখিনি গুৰি কৰি মিহি কৰি ল’ব৷ তাৰ পাছত তাত নেমুৰ পাত আৰু লংখিনিও মিহিকৈ গুৰি কৰক৷ এতিয়া গোটেই মিশ্ৰণখিনি একেলগ কৰি তাত অকণমান নিমখ মিহলাই লওক৷ এই মিশ্ৰণটোত সামান্য পানী মিহলাই সপ্তাহৰ অন্ততঃ তিনিদিন দাঁত ঘঁহিব৷ মনত ৰাখিব, এই মিশ্ৰণটোৰে সদায় দাঁত নঘঁহিব৷ দাঁতৰ ক্ষতি হ’ব পাৰে৷ এনেদৰে দাঁত ঘঁহিলে দেখিব আপোনাৰ দাঁত চিকচিকীয়া বগা হৈ পাৰিছে, দাঁতৰ সিৰসিৰণি ভাব নোহোৱা হৈ গৈছে, আৰু দাঁতৰ দাগবোৰো নাইকিয়া হৈ গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here