আন্দামানৰ এই জনজাতিয়ে বয়ঃসন্ধিৰ কালত কি কৰে?

0
19

বৰ্তমান ডিজিটেল যুগ তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত এক মিনিট সময়ো আমি অতিবাহিত কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে৷ পুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পৰা নিশা বিছনালৈ যোৱালৈকে প্ৰযুক্তিৰ সহায়ত কাম-কাজতে জড়িত থকা যায়৷ কিন্তু এই বিশ্বতে এতিয়াও এনে কিছু মানুহ আছে, যিয়ে প্ৰযুক্তিৰ কথাটো বাদেই, বাহিৰৰ জগতখনৰ কোনো কথাকে নাজানে৷ বিশ্বৰ বিশালতা তথা ইয়াৰ লগত জড়িত একোৰে তেওঁলোকে ভু নাপায়৷ তেওঁলোকে বাস কৰা পৃথিৱীখন সম্পূৰ্ণ পৃথক৷ ঘন জংঘল, হাবি-বননিৰ মাজতে এই সম্প্ৰদায়ে থাকে, ইয়াতে তেওঁলোকৰ জীৱন-নিৰ্বাস সম্পূৰ্ণ কৰে৷ হয়, আজি ক’বলৈ বিচৰা হৈছে সুন্দৰবনৰ জাৰোয়া গোষ্ঠীৰ বিষয়ে৷ নৃতত্ত্ববিদৰ মতে প্ৰায় আঢ়ৈ-তিনি হাজাৰ বছৰ আগগৰ পৰা এই গোষ্ঠীটোৱে আন্দামানত আছে৷ ১৯ শতকৰ প্ৰথম সময়ছোৱাত তেওঁলোকৰ বসতি দক্ষিণ আন্দামান দ্বীপৰ দক্ষিণ-পূব দিশে বিস্তৃত আছিল৷ বৰ্তমান জাৰোয়া সম্প্ৰদায়টোৱে দক্ষিণ আৰু মধ্য আন্দামানৰ পশ্চিম অংশত বসতি স্থাপন কৰিছে৷ ২০১৭ চনত এই বিশেষ জনজাতি সম্প্ৰদায়টোৰ মুঠ জনসংখ্যা আছিল ৪৮০ জনৰ ওচৰা-উচৰি৷ এওঁলোক সৰু গোষ্ঠীত বিভক্ত৷ জংঘলত পোৱা খাদ্যবস্তুকে এওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰে৷ এওঁলোকৰ প্ৰিয় খাদ্য হিচাপে বনৰীয়া আলু আৰু মৌ অন্যতম৷ আনহাতে সামুদ্ৰিক মাছ, কোঁকোৰা, কাছৰ কণী আদি খাবলৈ অতিকে ভাল পায়৷ এই সম্প্ৰদায়টোৱে কিন্তু হৰিণৰ মাংস ভক্ষণ নকৰে৷ হাবি-জংঘলে ঘূৰি চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰি ফুৰে৷ যিহেতু ইহঁতৰ মাজত চিকাৰৰ বাবে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ নাই, সেয়ে ধনু-কাঁড় হৈছে চিকাৰৰ প্ৰধান অস্ত্ৰ৷ প্ৰাচীন এই সম্প্ৰদায়টোৱে একধৰণৰ চেষ্ট গাৰ্ড ব্যৱহাৰ কৰে, যি কেকাড নামে পৰিচিত৷ আনহাতে বস্ত্ৰ হিচাপে গছ-লতাৰ পাত, ডাল আৰু গহনা হিচাপে ফুল, কণী, শামুক, কাছৰ খোলা আদিৰে তৈয়াৰ কৰি লয়৷ পূৰ্ণিমাৰ নিশা এই সম্প্ৰদায়ৰ বাবে খুব পচন্দৰ৷ পূৰ্ণিমাৰ নিশা পৰম্পৰাগতভাৱে তেওঁলোকে নাচ-গান কৰি উৎসৱ পালন কৰে৷ আনহাতে এই বিশেষ জনজাতি লোকসকলৰ মাজত কম সময়তে বিয়াৰ প্ৰচলন আছে৷ ল’ৰাৰ ১৮ আৰু ছোৱালীৰ বয়স ১৪ বছৰ হ’লেই বিবাহৰ উপযুক্ত হয় আৰু বিয়া পাতি দিয়ে৷ এই সম্প্ৰদায়ৰ মাজত বিধৱা বিবাহৰ প্ৰচলন আছে৷ আনহাতে বয়ঃসন্ধিৰ সময়ত তেওঁলোকে সন্তানৰ নাম সলনি কৰি নতুন নাম ৰাখে৷ সেই সময়ত বেছি ৰীতি-নীতি পালন কৰা হয়৷ এই জনজাতি লোকসকলৰ মাজত ল’ৰাবোৰে চিকাৰ কৰি ফুৰে আৰু ছোৱালীবোৰে মাটিৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰে৷ অতি আচৰিত কথা যে এওঁলোকৰ মাজত গৰ্ভসঞ্চাৰ কৰাক লৈ যথেষ্ট শিক্ষা আছে৷ সেইমতে তেওঁলোকে হাবিত পোৱা গছ-পাতৰ জৰিয়তে ঔষধ তৈয়াৰ কৰি লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here