বিস্ময়কৰ অপেক্ষা বিজ্ঞানীৰ নতুন বিৱৰ্তনৰ পথত পৃথিৱী !

0
25

পৃথিৱী সৃষ্টিৰ পাছত পৰা সময়ে সময়ে ক্ৰমবৰ্ধমান গতিত বিৱৰ্তন চলি আহিছে৷ বৰ্তমান সময়ো ইয়াৰ ব্যতিক্ৰম নহয়৷ এটা নতুন সমীক্ষাত দেখা গৈছে যে পৃথিৱীৰ টেকটনিক স্তৰ বা প্লেটবোৰ স্থান সলনিৰ ফলত পৃথিৱীত দেখা গৈছে নতুন ধৰণৰ প্ৰজাতি৷ আনহাতে প্ৰকৃতিৰ আচৰণ তথা স্থায়িত্ব খামখেয়ালি৷ বহু বছৰ ধৰি টেকটনিক প্লেটবোৰে স্থান পৰিৱৰ্তন কৰিছে আৰু প্ৰতিবছতে নতুন নতুন প্ৰজাতিৰ আৱিৰ্ভাৱ ঘটিছে৷ এই নতুন প্ৰজাতি সৰ্বদাই গভীৰ সমুদ্ৰত আৱিৰ্ভাৱ হৈছে৷ অৰ্থাৎ পৃথিৱীৰ বিৱৰ্তনৰ প্ৰথম পদক্ষেপ আৰম্ভ হয় সমুদ্ৰৰ পৰাই৷ সমুদ্ৰৰ গভীৰত বিভিন্ন প্ৰকাৰৰ সামুদ্ৰিক প্ৰাণী আছে আৰু ইয়াতেই নতুন প্ৰজাতিৰ প্ৰাণীৰ আৱিষ্কাৰ হৈ আছে৷ সমুদ্ৰৰ তলিত থকা বিভিন্ন ধৰণৰ ফছিলৰ পৰা এইবোৰ আৰু বেছি স্পষ্ট হৈছে৷ আজিৰ পৰা আঢ়ৈশ মিলিয়ন বছৰৰ আগৰ ডাইনছ’ৰ যুগৰ বহু ফছিল সমুদ্ৰৰ তলিত পোৱা গৈছে৷ কিন্তু গভীৰ পানীৰ তলত থকা সেই সময়ৰ ফছিলবোৰে আৰু বেছি অবাক কৰিছে বিজ্ঞানীক৷ পৃথিৱীত যেতিয়াই এই প্ৰজাতিৰ উৎপত্তি তথা বৃদ্ধি হৈছে, তেতিয়াই বিৱৰ্তনৰ দিশলৈ গতি কৰিছে পৃথিৱী৷ ইয়াৰে চিকাৰ হৈছে ডাইনো যুগৰ বিশালকাৰ প্ৰাণীবোৰো৷ অধিক মাত্ৰাত বিকশিত হোৱাৰ ফলত এই প্ৰাণীকুল পৃথিৱীৰ পৰা বিলুপ্তি তথা ধবংসৰ অন্যতম কাৰণ হৈ পৰিছে৷ উল্লেখ্য যে ১৯৩৮ চনত দক্ষিণ আফ্ৰিকাত এক সমুদ্ৰৰ পৰা এনে এবিধ মাছ পোৱা গৈছিল, যি আন সকলো ধৰণৰ মাছৰ প্ৰজাতি পৰা পৃথক আছিল৷ এই মাছবিধ খুব কম দিনৰ ভিতৰতে লুপ্ত হৈ গৈছিল৷ কিন্তু যদি এই প্ৰক্ৰিয়া বাস্তৱায়িত হয় তেনেহ’লে আজিৰ দিনৰ বহু সামুদ্ৰিক প্ৰাণী হয়তো অৱধাৰিতভাৱে বিলুপ্তিৰ পথলৈ গতি কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here