অভিনৱ উদ্ভাৱন : জীৱন্ত বেংছটাৰে পৰিচালিত হ’ব ৰবট

0
24

বিজ্ঞানীয়ে ৰবট নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক অভিনৱ পদ্ধতি উদ্ভাৱন কৰিছে৷ এই পদ্ধতিত মাইছেলিয়াম নামে বেংছটা বা মাশ্বৰূম নেটৱৰ্কত ব্যৱহাৰ কৰি দুটা ৰবট পৰিচালনা কৰা হৈছে৷ মাইছেলিয়াম মূলতঃ মাশ্বৰূমৰ লগত থকা একধৰণৰ জৈৱ নেটৱৰ্ক, যিয়ে বৈদ্যুতিক সংকেত প্ৰতিক্ৰিয়া দেখায়৷ নিউয়ৰ্কৰ কৰ্নেল ইউনিভাৰছিটি আৰু ইটালিৰ ইউনিভাৰছিটি অব ফ্লৰেন্সৰ গৱেষকৰ এটা দলে দুটা নতুন ৰবট প্ৰস্তুত কৰি উলিয়াইছে, যি দুটা দেখাত তৰামাছৰ দৰে আকৃতিৰ আৰু অন্যটো চকাৰ ওপৰত চলাচল কৰিবলৈ সক্ষম৷ এই দুটা ৰবট মাইছেলিয়ামৰ মাধ্যমেৰে নিয়ন্ত্ৰিত হয়৷ মাইছেলিয়াম বৈদ্যুতিক সংকেত পৰিণত হ’লে ৰবটৰ লৰচৰ বা চলাফিৰা নিয়ন্ত্ৰণ কৰে৷ জীৱন্ত মাইছেলিয়ামে বিভিন্ন ধৰণৰ পোহৰ বা স্পৰ্শৰ প্ৰতি আকৰ্ষিত হয়, যি ৰবট দুটা পৰিচালনাৰ ক্ষেত্ৰত মূখ্য ভূমিকা পালন কৰে৷ বিজ্ঞানীয়ে এই পদ্ধতিত মাইছেলিয়াম সক্ৰিয় অৱস্থাত ব্যৱহাৰ কৰি বৈদ্যুতিক সংকেত প্ৰস্তুত কৰিছে, যি ৰবটৰ কামৰ গতিপথ সঠিকভাৱে পৰিচালনা কৰে৷ গৱেষণা দলৰ প্ৰধান কৰ্নেল ইউনিভাৰছিটিৰ অৰ্গানিক ৰবটিকছ লেবৰ আনন্দ মি৷ ই জনোৱা অনুসৰি, এই সক্ৰিয় ব্যৱস্থাই পোহৰ, স্পৰ্শ আৰু তাপৰ প্ৰতি প্ৰতিক্ৰিয়া দেখায়৷ আনকি কিছু অজানা সংকেতৰো প্ৰতিক্ৰিয়া দিয়ে৷ ভৱিষ্যতে ৰবট পৰিচালনাত মাইছেলিয়ামৰ জীৱন্ত গুণাৱলীৰ পূৰ্ণ সুবিধা ল’ব পৰা যাব৷ উল্লেখ্য যে ৰবটৰ চলাচল পৰিৱৰ্তনত গৱেষকে অতিবেঙুনীয়া ৰশ্মি ব্যৱহাৰ কৰিছিল৷ এই ৰশ্মিৰ জৰিয়তে মাইছেলিয়াম উদ্দীপ্ত হৈ ৰবটৰ সক্ৰিয়তা তথা ফুৰা চকালৈ পৰিৱৰ্তন আনে৷ ইয়াৰ পৰা দেখা যায় যে বেংছটা কেৱল পৰিৱেশ পৰিস্থিতিতন্ত্ৰকে বৰ্তাই নাৰাখে, বৰং ই পৰিৱৰ্তনো কৰিব পাৰে৷ এই আৱিষ্কাৰে ৰবটিকছ জগতত নতুন দিগন্ত উন্মোচন কৰিলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here