উৰহীৰ আছে এইবোৰ উপকাৰী গুণাগুণ

0
94

শীতকাল পৰাৰ লগে লগে নানা তৰহৰ শাক-পাচলিৰে বজাৰ ভৰি পৰে৷ তাৰ ভিতৰত এবিধ হ’ল উৰহী৷ সাধাৰণতে উৰহী ভাজি, মাছেৰে আঞ্জা বনাই বা খাৰৰ সৈতে খোৱা হয়৷ উৰহীত নানাধৰণৰ খনিজ পদাৰ্থ, ফাইবাৰ, আইৰন, কেলচিয়াম আদি পোৱা যায়৷ উৰহী নিয়মিত খালে শৰীৰৰ কি উপকাৰ হয় জানো আহক৷
উৰহী খালে ৰোগৰ প্ৰতিকাৰ আৰু প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷
উৰহীত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে বাবে চুলি সৰাৰ সমস্যা নিৰাময় কৰিব পাৰে৷
ফাইবাৰেৰে সমৃদ্ধ হোৱা বাবে উৰহী খালে কোষ্ঠকাঠিন্য, হজমৰ সমস্যা আদি নিয়ন্ত্ৰণত সহায় কৰে৷
উৰহীয়ে ছালৰ আৰ্দ্ৰতা দূৰ কৰাত সহায় কৰে৷
তেজত কলেষ্টৰেল আৰু শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত উৰহীয়ে কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷
হৃদৰোগৰ সমস্যা নিৰাময়ৰ বাবে উৰহী খালে উপকাৰ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here